জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা নাৰকীয় সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে প্ৰত্যুত্তৰ হিচাপে অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে পাকিস্তানৰ ভূমিত থকা কেইবাটাও সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছিল। এই অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কেইবাগৰাকীও ভাৰতীয় যুঁজাৰু পাইলটকে ধৰি বায়ুসেনাৰ ৯জন বিষয়াক ভাৰতৰ তৃতীয় সৰ্বোচ্চ বীৰত্ব বঁটা ‘বীৰ চক্ৰ’ৰে সন্মানিত কৰা হ’ব।
বীৰ চক্ৰৰে সন্মানীত হ’বলগীয়া ভাৰতীয় বায়ুসেনাৰ বিষয়াসকল হ’ল গ্ৰুপ কেপ্তেইন ৰঞ্জিত সিং সিদ্ধু, গ্ৰুপ কেপ্তেইন মনীষ অৰোৰা, গ্ৰুপ কেপ্তেইন অনিমেশ পাটনী, গ্ৰুপ কেপ্তেইন কুনাল কালৰা, উইং কমাণ্ডাৰ জয় চন্দ্ৰ, স্কোৱাড্ৰন লিডাৰ সাৰ্থক কুমাৰ, স্কোৱাড্ৰন লিডাৰ সিদ্ধান্ত সিং, স্কোৱাড্ৰন লিডাৰ ৰিজৱান মালিক আৰু ফ্লাইট লেফটেনেণ্ট অৰ্শবীৰ সিং ঠাকুৰ।
এইবোৰৰ উপৰি অপাৰেশ্যন সেন্দূৰত অৱদান আগবঢ়োৱা ভাৰতীয় বায়ুসেনাৰ চাৰিজন জ্যেষ্ঠ বিষয়া, বায়ুসেনাৰ উপ মুখ্য এয়াৰ মাৰ্শ্বাল নৰনাদেশ্বৰ তিৱাৰী, পশ্চিম বায়ুসেনাৰ অধিনায়ক এয়াৰ মাৰ্শ্বাল জিতেন্দ্ৰ মিশ্ৰ আৰু এয়াৰ অপাৰেশ্যনৰ সঞ্চালক প্ৰধান এয়াৰ মাৰ্শ্বাল অভধেশ ভাৰতীকো শ্ৰেষ্ঠ যুদ্ধ সেৱা পদক প্ৰদান কৰা হয়।
উল্লেখ্য যে, অপাৰেশ্যন সেন্দূৰৰ সময়ত ভাৰতীয় সেনাই বীৰত্ব প্ৰদৰ্শন কৰি পাকিস্তানৰ ৬ খন যুঁজাৰু বিমান ধ্বংস কৰিছিল। ইয়াৰ উপৰি ভাৰতীয় সেনাৰ আক্ৰমণত পাকিস্তানে প্ৰশ্ৰয় দিয়া সন্ত্ৰাসবাদীৰ কেইবাটাও ঘাটি ধ্বংস হৈছিল।