ৰাজ্যৰ লাখ লাখ লোকৰ বাবে অসম চৰকাৰৰ এখন অতি গুৰুত্বপূৰ্ণ আৰু অভিলাষী আঁচনি হৈছে ‘অৰুণোদয় আঁচনি’। এই আঁচনিখনৰ যোগেদি ৰাজ্যৰ লাখ লাখ লোকে প্ৰতিমাহে ১২৫০ টকাকৈ লাভ কৰি আহিছে। প্ৰতি মাহৰ ১০ তাৰিখে হিতাধিকাৰীৰ একাউণ্টত সোমাই এই ধন।
কিন্তু এইবাৰ ১০ তাৰিখৰ পৰিৱৰ্তে ১৪ জুনৰ পৰাহে হিতাধিকাৰীৰ একাউণ্টত সোমাব এই ধন। অসম চৰকাৰৰ বিত্ত বিভাগে এখন জাননীযোগে এই কথা জানিব দিয়ে।
জাননীখনত উল্লেখ কৰা অনুসৰি অৰুণোদয় ৩.০ৰ ডিজিটাইজেশ্যন প্ৰক্ৰিয়াৰ বাবে এইবাৰ হিতাধিকাৰীয়ে কিছু পলমকৈ এই ধনৰাশি লাভ কৰিব। কাৰিকৰী দিশত চলা প্ৰক্ৰিয়াৰ বাবেই বিত্ত বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনাইছে।
উল্লেখ্য যে, ১০ জুনত ধন নোসোমোৱাৰ বাবে হিতাধিকাৰীৰ মাজত কিছু শংকা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যদিও শেহতীয়াকৈ বিত্ত বিভাগৰ তৰফৰ পৰা দিয়া জাননীৰ পিছতেই সকাহ লাভ কৰিছে ৰাজ্যৰ লাখ-লাখ হিতাধিকাৰী।