২২ এপ্ৰিলত পেহেলগাম কাণ্ডৰ প্ৰতিশোধস্বৰূপে ৭ এপ্ৰিলত গভীৰ নিশা ভাৰতে ‘অপাৰেচন সেন্দুৰ’ৰ অধীনত পাকিস্তান আৰু প’কত থকা ৯টা সন্ত্ৰাসবাদী ঘাটিত বৃহৎ বিমান আক্ৰমণ চলায়।
১৯৭১ চনৰ যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে সংঘটিত হোৱা এই আক্ৰমণ আছিল সামৰিক সেনা, বায়ুসেনা আৰু নৌসেনা তিনিওটা বাহিনীৰ প্ৰথম বৃহৎ যৌথ কাৰ্য্য। অপাৰেচন সিন্দুৰৰ জৰিয়তে ভাৰতে সেই সন্ত্ৰাসবাদী ঘাটিসমূহক লক্ষ্য কৰি লৈছিল যিবোৰ বছৰ বছৰ ধৰি ভাৰতৰ ওপৰত আক্ৰমণৰ ষড়যন্ত্ৰত জড়িত আছিল।
পাকিস্তানৰ এইকোইটা স্থানত ভাৰতীয় সেনাই কিয় আক্ৰমণ চলালে জানো আহক-
বাহাৱালপুৰঃ জয়ছ-ই-মহম্মদৰ দুৰ্গ
পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ বাহাৱালপুৰক জয়ছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় বুলি গণ্য কৰা হয়। মাছুদ আজহাৰৰ এই সংগঠনটোৱে ২০০১ চনৰ সংসদ আক্ৰমণ আৰু ২০১৯ চনৰ পুলৱামা আক্ৰমণৰ দৰে আক্ৰমণত জড়িত হৈ আহিছে। ইয়াৰ বাবেই এই অভিযানত প্ৰথমে বাহাৱালপুৰক লক্ষ্য কৰি লোৱা হৈছিল।
মুৰিডকে: লস্কৰ-ই-তৈবাৰ মূল–ঘাটি
লস্কৰ-ই-টাইবাৰ মূল-ঘাটি আৰু প্ৰশিক্ষণ কেন্দ্ৰ লাহোৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত মুৰিডকেত। ২০০৮ চনৰ ২৬/১১ মুম্বাই আক্ৰমণৰ সন্ত্ৰাসবাদীক ইয়াত প্ৰশিক্ষণ দিয়া হৈছিল। এই শিবিৰত ইনডক্ট্ৰিনেচন, ট্ৰেইনিং আৰু লজিষ্টিকছৰ সম্পূৰ্ণ ব্যৱস্থা আছিল।
কোটলিঃ আত্মঘাতী বোমাৰুৰ কাৰখানা
PoK ৰ কোটলি অঞ্চল ভাৰতৰ বাবে দীৰ্ঘদিন ধৰি চিন্তাৰ বিষয় হৈ আহিছে। ইয়াত আত্মঘাতী বোমাৰু আৰু অনুপ্ৰৱেশকাৰীৰ প্ৰশিক্ষণ দিয়া হৈছে। খবৰ অনুসৰি, ইয়াত এটা সময়ত ৫০ জনতকৈ অধিক সন্ত্ৰাসবাদী প্ৰশিক্ষাৰ্থী উপস্থিত থাকে।
গুলপুৰঃ ৰাজৌৰী আৰু পুঞ্চৰ আক্ৰমণৰ লঞ্চ পেড
২০২৩ আৰু ২০২৪ চনত ৰাজৌৰী আৰু পুঞ্চত ভাৰতীয় সেনাৰ আক্ৰমণৰ লঞ্চ পেড হিচাপে গুলপুৰ ব্যৱহাৰ কৰা হৈছিল।ইয়াৰ পৰাই সন্ত্ৰাসবাদীয়ে কনভয়ত যোগ দি ভাৰতৰ সীমান্তত প্ৰৱেশ কৰিছিল।
ছাৱাইঃ কাশ্মীৰ উপত্যকাৰ আক্ৰমণৰ সৈতে জড়িত লস্কৰ শিবিৰ
উত্তৰ কাশ্মীৰ বিশেষকৈ সোণামাৰ্গ, গুলমাৰ্গ আৰু পহলগামত হোৱা আক্ৰমণৰ সৈতে ছাৱাইৰ সম্পৰ্ক আছে।
চাৰ্জল-বৰ্নালা: অনুপ্ৰৱেশৰ প্ৰৱেশ বিন্দু
চাৰ্জল, বৰ্ণালাৰ দৰে স্থান সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ বাবে জনাজাত। ইয়াৰ পৰাই সন্ত্ৰাসবাদীয়ে নিয়ন্ত্ৰণ ৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল। এই কাৰণেই অপাৰেচন সেন্দুৰ চাৰ্জল-বৰ্নালাকো টাৰ্গেট কৰা হৈছিল।
ছিয়ালকোটৰ মেহমুনাঃ হিজবুলৰ পুৰণি ঘাটি
ছিয়ালকোটৰ সমীপত অৱস্থিত মেহমুনা কেম্প হিজবুল মুজাহিদীনৰ দীৰ্ঘদিনীয়া ঘাটি হৈ আহিছে। যদিও সংস্থাটো এতিয়া আগৰ দৰে শক্তিশালী নহয়, তথাপিও ই কিছুমান সক্ৰিয় প্ৰশিক্ষণ আৰু সহায়ক নেটৱৰ্ক চলাই আছে।