পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে, যাৰ বাবে জনসাধাৰণে বৃহৎ সমস্যাৰ সন্মুখীন হৈছে। প্ৰশাসনে এক সতৰ্কবাণী জাৰি কৰিছে যে, আগন্তুক ৪৮ ঘণ্টা ধৰি বৰষুণ অব্যাহত থাকিব। নদীসমূহৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত যোৱা ২৪ ঘন্টাত বানাক্ৰান্ত জিলাসমূহৰ পৰা প্ৰায় ২০ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে।
পঞ্জাৱ ইমাৰ্জেন্সি ৰেচকিউ চাৰ্ভিচ ১১২২ৰ মুখপাত্ৰ ফাৰুক আহমেদে কয় যে, প্ৰচণ্ড বৰষুণৰ ফলত কাছুৰ, ওকৰা, পাকপট্টান, বাহাৱালনগৰ আৰু ভেহাৰীৰ বহু গাঁও ডুব গৈছে। যাৰ বাবে বহুলোকক সেই ঠাইৰ পৰা উলিয়াই নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। শনিবাৰৰ পৰা যিবোৰ অঞ্চলৰ পৰা প্ৰায় ২০ হাজাৰ লোকক খালী কৰা হৈছে, সেইবোৰ অঞ্চল সিন্ধু, চেনাব, ৰবি, ছতলেজ আৰু ঝেলুম নদীৰ সমীপত বুলিও তেওঁ কয়। বৰষুণৰ ফলত এই পৰ্যন্ত ৬৫০ জনতকৈ অধিক লোকৰ প্ৰাণহানি হৈছে।
প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি, ২৭ আগষ্টলৈকে বাৰিষা সক্ৰিয় হৈ থকাৰ পূৰ্বাভাসৰ বাবে বহু জিলাত জৰুৰীকালীন অভিযান চলোৱা হৈছে। গণ্ডাসিং ৱালাৰ পৰিস্থিতি ভয়াৱহ আৰু আগন্তুক ৪৮ ঘণ্টালৈকে এনেদৰে থাকিব বুলি আশা কৰা হৈছে। বৰষুণৰ বাবে ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে। অৱশ্যে সাহায্য শিবিৰত থকা ৰাইজক সকলো মৌলিক সা-সুবিধা প্ৰদান কৰি আছে প্ৰশাসনে।