বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণে পাকিস্তানত অথন্তৰৰ সৃষ্টি কৰিছে। পঞ্জাৱ সীমান্তত হোৱা বানে কেইবাখনো গাঁও ভৰাই পেলাইছে। সকলো জনতাই বিভিন্নধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। এই বানপানীৰ বাবে প্ৰায় ৫ লাখ লোকে নিজৰ সংস্থাপন হেৰুৱাইছে।
পঞ্জাৱ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই শনিবাৰে প্ৰকাশ কৰা এক বিবৃতিত কয় যে, ২৬ জুনৰ পৰা অহা এই বৰষুণৰ বাবে প্ৰায় ৮৩৫ জন লোকৰ প্ৰাণহানি হৈছে, ইয়াৰে ১৯৫ জন লোকৰ মৃত্যু হৈছে কেৱল পঞ্জাৱ প্ৰদেশত।
ভাৰতৰ সীমান্তৱৰ্তী পঞ্জাৱৰ মাজেৰে পাৰ হৈ যোৱা ৩খন আন্তঃসীমান্ত নদীৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পোৱাৰ ফলত নদীৰ আশে-পাশে থকা ২৩০০ৰো অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে। পঞ্জাৱ প্ৰাদেশিক চৰকাৰে চেনাব, ৰবি আৰু ছতলেজ নদীৰ বৰ্ধিত পানীক অন্য দিশলৈ ঠেলি দিবলৈ বান মথাউৰি নিয়ন্ত্ৰিতভাৱে কৰ্তন আৰম্ভ কৰিছে। স্থানীয় সংবাদ মাধ্যমৰ মতে, দেশখনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে তিনিওখন ডাঙৰ নদীত একেলগে বানপানীৰ সৃষ্টি হৈছে।
পঞ্জাৱ চৰকাৰৰ সাহায্য সেৱাৰ মুৰব্বী নবীল জাভেদে কয় যে, এই ভয়াৱহ বানত আৱদ্ধ হৈ থকা ৪ লাখ ৮০ হাজাৰ লোকক নিৰাপদে উলিয়াই অনা হৈছে, লগতে প্ৰায় ৪ লাখ জীৱ-জন্তুও নিৰাপদে উদ্ধাৰ কৰা হৈছে। এই বানত ১৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। প্ৰদেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ মুৰব্বী ইৰফান আলী খানে এক বিবৃতিত কয় যে, এইটোৱেই হৈছে পঞ্জাৱৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ উদ্ধাৰ অভিযান।
খানে লগতে কয় যে, ৮০০ৰো অধিক নাও আৰু ১৩০০ উদ্ধাৰ কৰ্মীয়ে ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা পৰিয়াল উলিয়াই নিয়াৰ কামত নিয়োজিত হৈ আছে, ইয়াৰে অধিকাংশই এই তিনিখন নদীৰ কাষৰ অঞ্চলত বাস কৰে।
খানে কয় যে চলিত সপ্তাহৰ আৰম্ভণিৰে পৰা বাৰিষা বানত ৩০ জন লোকৰ মৃত্যু হৈছে। বানাক্ৰান্ত পৰিয়াল আৰু তেওঁলোকৰ জীৱ-জন্তুক আশ্ৰয় প্ৰদানৰ বাবে ৫০০ৰো অধিক সাহায্য শিবিৰ স্থাপন কৰা হৈছে।