তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ৰাষ্ট্ৰীয় টি-২০ চেম্পিয়নশ্বিপৰ বাবে খেলুৱৈৰ মেচ মাচুল কৰ্তনৰ সিদ্ধান্ত সলনি কৰিবলগীয়া হৈছে। এতিয়া ব’ৰ্ডে মেচ মাচুল বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।
উল্লেখ্য যে, পাকিস্তান ক্ৰিকেট ব’ৰ্ডে দৰমহা কৰ্তনৰ সিদ্ধান্ত লোৱাৰ পিছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। সমালোচনাৰ পিছতে এতিয়া ৰাষ্ট্ৰীয় টি-২০ চেম্পিয়নশ্বিপৰ বাবে খেলুৱৈৰ মেচ মাচুল বৃদ্ধি কৰিছে।
ইয়াৰ পূৰ্বে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে খেলুৱৈ আৰু ৰিজাৰ্ভ খেলুৱৈৰ মেচ মাচুল ক্ৰমে পাকিস্তানী ১০,০০০ আৰু ৫,০০০ টকালৈ হ্ৰাস কৰিছিল, যাৰ বাবে পিচিবিৰ অধ্যক্ষ মহছিন নাকভিয়ে এই সিদ্ধান্ত পুনৰীক্ষণৰ নিৰ্দেশ জাৰি কৰিছিল।
এই বিষয়ত ব্যাপক সমালোচনা হৈছিল, তাৰ পিছত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে খেলুৱৈসকলৰ মেচ মাচুল ৪০ হাজাৰ আৰু সংৰক্ষিত খেলুৱৈৰ মেচ মাচুল ২০ হাজাৰ টকালৈ বৃদ্ধি কৰিছে।