অশান্ত জৰ্জৰ পাকিস্তানত পুনৰ সংঘটিত হৈছে বোমা বিস্ফোৰণৰ ঘটনা। স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি এইবাৰ খাইবাৰ পাখতুনৰ এটা অঞ্চলত এখন ক্ৰিকেট মেচ চলি থকাৰ সময়তে সংঘটিত হয় বোমা বিস্ফোৰণ। এই ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো আহত হয়।
বিস্ফোৰণৰ পিছতেই ঘটনাস্থলত নিৰাপত্তাৰক্ষীৰ লোক উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। আহতসকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
খাইবাৰ পাখতুন প্ৰদেশৰ বাজৌৰ জিলাৰ খাৰ অঞ্চলস্থিত কৌছৰ ক্ৰিকেট ষ্টেডিয়ামত সংঘটিত হয় এই বিস্ফোৰণ। জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াই সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি এয়া আছিল সম্পূৰ্ণ পৰিকল্পিত বিস্ফোৰণ।
কোনে এই আক্ৰমণ সংঘটিত কৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। বিষয়টো সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জনায়।
আৰক্ষী বিষয়াই জনোৱা মতে, ষ্টেডিয়ামত সংঘটিত হোৱা বিস্ফোৰণৰ সমান্তৰালকৈ সন্ত্ৰাসবাদীয়ে এখন থানাতো আক্ৰমণ কৰে। থানাক লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰে যদিও কোনো বৃহৎ ক্ষতি হোৱা নাই। বৰ্তমান কোনো সন্ত্ৰাসবাদী সংগঠনে এই আক্ৰমণৰ দায়িত্ব লোৱা নাই।