চীনৰ টিয়ানজিন চহৰত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত এক গুৰুত্বপূৰ্ণ কথা-বতৰা হয়। পুটিনৰ সৈতে হোৱা বাৰ্তালাপত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ভাৰতৰ কথাও উল্লেখ কৰে।
তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক কয় যে পাকিস্তানে ভাৰতৰ সৈতে ৰাছিয়াৰ সম্পৰ্কক সন্মান কৰে, কিন্তু একে সময়তে তেওঁ ৰাছিয়া-পাকিস্তানৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ ইচ্ছাও প্ৰকাশ কৰে।
শ্বাহবাজ শ্বৰীফে পুটিনক কয়, ‘যোৱা কিছুবছৰৰ পৰা আমাৰ সম্পৰ্ক উন্নত হৈছে, আৰু বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা আৰু আগ্ৰহৰ বাবেই এইটো সম্ভৱ হৈছে। মই এই সম্পৰ্কসমূহ নিৰ্ণায়কভাৱে শক্তিশালী কৰিব বিচাৰো।’
তেওঁ লগতে কয়, ‘অৱশ্যেই আমি ভাৰতৰ সৈতে আপোনাৰ সম্পৰ্কক সন্মান কৰো। সেয়া ঠিকেই আছে। কিন্তু আমি ৰাছিয়াৰ সৈতেও শক্তিশালী সম্পৰ্ক গঢ়ি তুলিব বিচাৰো, যিটো অঞ্চলটোৰ প্ৰগতি আৰু সমৃদ্ধিৰ বাবে পৰিপূৰক আৰু সহায়ক হ’ব।’
ৰাছিয়া আৰু পাকিস্তানে সম্প্ৰতি সঠিক দিশত আগবঢ়া বুলিও মন্তব্য কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ বাণিজ্য, শক্তি, কৃষি, বিনিয়োগ, প্ৰতিৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তা, শিক্ষা, সংস্কৃতি আৰু জনসাধাৰণৰ যোগাযোগ আদি ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ইচ্ছা প্ৰকাশ কৰে।