আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে জৰ্ডান আৰু ইজিপ্তলৈ এক ডাঙৰ প্ৰস্তাৱ আগবঢ়াইছে। পেলেষ্টাইনী সন্দৰ্ভত জৰ্ডান আৰু ইজিপ্তলৈ প্ৰস্তাৱ আগবঢ়াইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ এই দুয়োখন দেশক গাজাৰ পৰা সামৰ্থ অনুযায়ী পেলেষ্টাইনীক আশ্ৰয় আহ্বান জনায় যাতে যুদ্ধবিধ্বস্ত অঞ্চল খালী কৰিব পৰা যায়।
হামাছ আৰু ইজৰাইলৰ যুদ্ধই যথেষ্ট মানৱীয় সংকটৰ সৃষ্টি কৰিছে। যাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে জৰ্ডানৰ ৰজা আব্দুল্লাৰ সৈতে আলোচনাত লিপ্ত হয়।
সংবাদ মাধ্যমৰ সন্মুখত ট্ৰাম্পে কয় যে, ইজিপ্তে গাজাৰ জনসাধাৰণক আশ্ৰয় প্ৰদান কৰাটো তেওঁ সমৰ্থন কৰে। একে সময়তে ট্ৰাম্পে কয় যে, ২৬ জানুৱাৰী অৰ্থাৎ দেওবাৰে এই বিষয়ত ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল চিছিৰ সৈতে আলোচনা কৰিব।
২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলত আক্ৰমণ কৰিছিল। ইয়াৰ মাজতে ১২০০ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ২৫০ জন লোকক পণবন্দী কৰি ৰখা হয়। ইয়াৰ পিছত ইজৰাইলে হামাছত প্ৰচণ্ড বোমা বিস্ফোৰণ কৰে। গাজাত ইজৰাইলৰ বিমান আক্ৰমণত ৪৭ হাজাৰৰো অধিক লোক নিহত হোৱাৰ লগতে বহু লোক আহত হৈছে। ১৫ মাহৰ যুদ্ধৰ সময়ত গাজাত সকলো ধ্বংস হৈছিল। বহু অঞ্চল ধ্বংসাৱশেষলৈ পৰিণত হৈছিল।
বিগত ১৫ মাহ ধৰি হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধ সম্প্ৰতি স্থগিত হৈছে। ৬ সপ্তাহৰ বাবে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি চুক্তি হৈছে। এই চুক্তিৰ অধীনত হামাছে কেইবাজনো ইজৰাইলী পণবন্দীক মুকলি কৰি দিব। বিনিময়ত ইজৰাইলে নিজৰ হাজাৰ হাজাৰ বন্দীক মুকলি কৰি দিব। ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল এই যুদ্ধবিৰতি চুক্তি।