আজি পঞ্চায়ত নিৰ্বাচন ২০২৫ ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। ৰাজ্যৰ ১৪ খন চলি আছে ভোটগ্ৰহণ।
শাৰিৰীক বাধা নেওচি একাংশই সাব্যস্ত কৰিছে নিজৰ ভোটাধিকাৰ। EVM ৰ পৰিবৰ্তে বেলট পেপাৰত চলিছে এই ভোটগ্ৰহণ।
প্রথম পৰ্যায়ৰ নিৰ্বাচনে সামৰি লৈছে জিলা পৰিযদৰ ২১৬ খন আসন। আকৌ ১৪ জিলাত আঞ্চলিক পৰিষদৰ মুঠ আসনৰ সংখ্যা ১,১৩৮ খন। দলীয় প্রতীকবিহীনভাৱে ৱাৰ্ড পৰ্যায়ত অনুষ্ঠিত হৈছে এই নির্বাচন
১৪ জিলাত নিৰ্বাচনৰ বাবে পুৱাৰে পৰা সাজু ১২,৯১৬ টা ভোটকেন্দ্র। ইয়াৰে ৪৪,৬৬,৯৮৪ জন পুৰুষ ভোটাৰ।মহিলা ভোটাৰৰ সংখ্যা ৪৪,৯৩,৪২৯ গৰাকী আকৌ তৃতীয় লিংগৰ ভোটাৰ আছে ১৬৪ গৰাকী।
ৰাজ্যৰ ১৪ খন জিলাৰ পুৱা ১১:৩০ বজালৈ ভোটদানৰ হাৰসমূহ হল-
ডিব্ৰুগড়- ১৮ শতাংশ
যোৰহাট- ২৭ শতাংশ
ধেমাজি- ২৫.৪ শতাংশ
লখিমপুৰত- ২৭.৬ শতাংশ
কাছাৰত- ২৫.৪ শতাংশ
তিনিচুকীয়া- ১৮.২৫ শতাংশ
চৰাইদেউ- ২১.৫৪ শতাংশ
শ্ৰীভূমি- ২৪.৬৫ শতাংশ
হাইলাকান্দি- ১০.৭ শতাংশ
বিশ্বনাথ- ২৪.১৫ শতাংশ
শোণিতপুৰ- ২৩.৫ শতাংশ
গোলাঘাট ২২.৭৩ শতাংশ
শিৱসাগৰ- ১১.৮২ শতাংশ
মাজুলী- ২৮.৬০ শতাংশ
ইফালে পঞ্চায়ত নিৰ্বাচনৰ পৰিপেক্ষিতত আজি ৰাজ্যত ১৪ খন জিলাত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে। চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান, বেংক আদি সকলো বন্ধ ঘোষণা ৰখা হৈছে।
লগতে এই ১৪ খন জিলাৰ কিমানখন জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ সংখ্যা জানো আহক-
জিলা পৰিষদ আঞ্চলিক পৰিষদ
ডিব্ৰুগড়-২২ ৭
যোৰহাট-১৬ ৬
ধেমাজি-১২ ৫
লখিমপুৰ- ১৯ ৯
কাছাৰ- ২৫ ১৫
তিনিচুকীয়া- ২২ ৭
চৰাইদেউ-৮ ৪
শ্ৰীভূমি-১৬ ৭
হাইলাকান্দি-৮ ৫
বিশ্বনাথ-১২ ৬
শোণিতপুৰ- ২০ ৮
গোলাঘাট-২০ ৮
শিৱসাগৰ-১২ ৫
মাজুলী- ৪ ২