অহা মাঘ বিহুৰ পূৰ্বে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি মঙলবাৰে ঘোষণা কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে। মন্ত্ৰী দাসে লগতে পঞ্চায়ত নিৰ্বাচনৰ বাবে খচৰা নিয়মাৱলী প্ৰস্তুত কৰি থকা হৈছে বুলিও জনায়।
‘খচৰা নিয়মাৱলী সম্পূৰ্ণ কৰিবলৈ ১৫ ডিচেম্বৰৰো অধিক সময় লাগিব। ইয়াৰ পিছতহে আমি ভোটদানৰ তাৰিখ সন্দৰ্ভত অধিসূচনা জাৰি কৰিব পাৰিম। অৱশ্যে মাঘ বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে’, এই মন্তব্য কৰে দাসে।
উল্লেখ্য যে, ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দলসমূহে নিজাববীয়াকৈ প্ৰস্তুতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে।
এইবাৰৰ নিৰ্বাচনত কোনো ৰাজনৈতিক দলে দলীয় চিহ্ন ব্যৱহাৰ কৰিব নোৱাৰিব। এইবাৰৰ পঞ্চায়ত নিৰ্বাচন ৰাজনীতি মুক্ত হ’ব বুলি ইতিমধ্যেই মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল।
ইয়াৰ উপৰি এইবাৰৰ নিৰ্বাচনত পঞ্চায়ত সভাপতিৰ বাবে কোনোধৰণৰ নিৰ্বাচন অনুষ্ঠিত নহয়। পঞ্চায়ত গোটৰ সদস্যসকলে সভাপতি নিৰ্বাচিত কৰিব।