ভাৰতৰ পেৰা-এথলীট প্ৰীতি পালে পেৰিছ অলিম্পিক ২০২৪ ত ইতিহাস সৃষ্টি কৰিছে। প্ৰীতি পালে মহিলাৰ ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।
তেওঁ ১৪.২১ ছেকেণ্ডৰ সময়ৰ ব্যৱধানত তৃতীয় স্থান লাভ কৰিছে। পেৰিছ পেৰালিম্পিক ২০২৪ ৰ দ্বিতীয় দিনা ভাৰতে এতিয়ালৈকে ৩ টা পদক জিকিছে।
প্ৰতিযোগিতাখনত চীনৰ জিয়া ঝাউয়ে সোণৰ পদক অৰ্জন কৰিছে। জিয়াই ১৩.৫৮ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল। একেদৰে, কোৱানিয়ান গৌৱে ১৩.৭৪ ছেকেণ্ড সময়ৰ ভিতৰত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
উল্লেখ্য যে, ২০০০ চনৰ ২২ ছেপ্টেম্বৰত কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰা প্ৰীতি পালে যথেষ্ট সংগ্ৰাম কৰিছে। সৰুৰে পৰা তেওঁৰ চেৰিব্ৰেল পালচি ৰোগত আক্ৰান্ত হৈছিল। প্ৰীতিয়ে প্ৰশিক্ষক গজেন্দ্ৰ সিঙৰ অধীনত দিল্লীত প্ৰশিক্ষণ লৈছিল। প্ৰীতিয়ে এই বছৰ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জিকিছিল।
লক্ষ্যণীয় যে, পেৰা শ্বুটিঙত অৱনী লেখাৰাই স্বৰ্ণ পদক জয় কৰিছিল আৰু মনা আগৰৱালে ব্ৰঞ্জৰ পদক লাভ কৰিছিল।