বিয়লি ৪.৩০ বজাৰ লগে লগে অন্ত পৰে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। চৰকাৰী সূত্ৰ অনুসৰি, বিয়লি ৩.৩০ বজালৈ ৰাজ্যৰ ভোটদানৰ হাৰ ৫৬.৪১ শতাংশ। এই পৰ্যন্ত অহা ভোটদানৰ চূড়ান্ত হাৰ। প্ৰথম পৰ্যায়ত ৰাজ্যৰ ১৪ খন জিলাৰ ১২,৯১৬ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হয় এই ভোটগ্ৰহণ।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যৰ উজনি আৰু বৰাক উপত্যকাৰ মুঠ ১৪ খন জিলাৰ ২১৬টা জিলা পৰিষদীয় সমষ্টি, ৯৪খন আঞ্চলিক পঞ্চায়ত আৰু ১,১৩৯খন গাঁও পঞ্চায়তত অনুষ্ঠিত হয় ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া ভোটাৰৰ সংখ্যা আছিল মুঠ ৮৯.৫৯ লাখৰো অধিক লোক।
চৰকাৰী তথ্য অনুসৰি, বিয়লি পৰ্যন্ত লখিমপুৰত সৰ্বাধিক সংখ্যক ৬৬.৫ শতাংশই ভোটাধিকাৰ সাব্যস্ত কৰাৰ বিপৰীতে ডিব্ৰুগড়ত সৰ্বনিম্ন ৪৫ শতাংশই ভোটাধিকাৰ সাব্যস্ত কৰে।
আনহাতে, বিয়লি ৩.৩০ বজালৈ কাছাৰত ৫৮.৫৫ শতাংশ, বিশ্বনাথত ৫৬.৮৯ শতাংশ, ধেমাজিত ৬২ শতাংশ, গোলাঘাটত ৫২.৫১ শতাংশ, শ্ৰীভূমিত ৬০.১৫ শতাংশ, মাজুলীত ৬১.৬৭ শতাংশ, যোৰহাট ৫৭ শতাংশ, তিনিচুকীয়াত ৪৮.১৪ শতাংশ, শোণিতপুৰ ৫২.৫ শতাংশ, চৰাইদেউত ৫০.৯৪ শতাংশ, শিৱসাগৰত ৫৭.৭২ শতাংশ আৰু হাইলাকান্দিত ৬০.১০ শতাংশই ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে।
ইফালে ভোট গ্ৰহণৰ সময়ছোৱাত ৰাজ্যৰ বিভিন্ন স্থানত সংঘটিত হয় বিক্ষিপ্ত হিংসা। ৰাজ্যৰ কিছুমান ঠাইৰ পৰা হিংসাত্মক পৰিস্থিতিৰ বাতৰি পোৱা গৈছে আৰু যাৰ ফলত কেইটামান ভোটকেন্দ্ৰত ভোটদানত বাধাৰ সৃষ্টি হোৱা বুলিও জানিব পৰা গৈছে।
কাছাৰ জিলাৰ কাটিগড়াৰ বোৱালিপাৰ এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত মোহনপুৰ-শালচাপৰা গাঁও পঞ্চায়তৰ ভোটগ্ৰহণ চলি থকাত এঘণ্টাৰ বাবে ভোটগ্ৰহণ বন্ধ কৰা হয় বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। আনহাতে, ভোটগ্ৰহণ চলি থকাৰ মাজতে মাজুলীতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সূত্ৰৰ খবৰ অনুসৰি, আঁহতগুৰিৰ কাঁচিকতা আদৰ্শ এম ই স্কুলৰ ভোটদান কেন্দ্ৰত বেলট পেপাৰৰ বিসংগতি পোহৰলৈ আহিছে।
উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত অনুষ্ঠিত হৈছে।