কাজাখাস্তানৰ বিমান দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ আন এক ভয়ংকৰ বিমান দুৰ্ঘটনাই জোঁকাৰি গৈছে বিশ্ববাসীক। এইবাৰ শিহৰণকাৰী বিমান দুৰ্ঘটনা সংঘটিত হৈছে দক্ষিণ কোৰিয়াত। দেশখনৰ মুৱান বিমান বন্দৰত সংঘটিত দুৰ্ঘটনাত ১৭৯ গৰাকী লোকৰ লোকৰ মৃত্যু হৈছে। ঘটনাত মাত্ৰ দুজনহে লোকৰ সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে।
জানিব পৰা অনুসৰি, বেংককৰ পৰা উভতি অহা বিমানখনত আছিল ক্ৰু মেম্বাৰসহ ১৮১ গৰাকী যাত্ৰী। বিমানখনে মুৱান বিমান বন্দৰত অৱতৰণ কৰাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই বিমান বন্দৰটোৰ দেৱালত প্ৰচণ্ড খুন্দা মাৰে। এই খুন্দাৰ ফলত বিমানখন নিমিষতে জুই লেলিহান শিখাই আৱৰি ধৰে।
বিমানখন দুৰ্ঘটনাৰ সবিশেষ
১. বিমানখনত ক্ৰু মেম্বাৰসহ ১৮১ গৰাকী লোক আছিল
২. ১৮১ গৰাকী লোকৰ ভিতৰত আছিল ১৭৫ গৰাকী যাত্ৰী আৰু ৬ জন ক্ৰু মেম্বাৰ
৩. ঘটনাটো দক্ষিণ কোৰিয়াৰ মুৱান বিমান বন্দৰত সংঘটিত হৈছে
৪. এই বিমানখন জেজু এয়াৰ লায়েন্সৰ
৫. প্ৰাৰম্ভিক খবৰ অনুসৰি এটা চৰাইক খুন্দা মৰাৰ ফলত বিমানখন দুৰ্ঘটনাত পতিত হয়