ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে লিখা ব্যক্তিগত চিঠিসমূহ ঘূৰাই দিবলৈ আনুষ্ঠানিকভাৱে অনুৰোধ জনাইছে প্ৰধানমন্ত্ৰী সংগ্ৰহালয় আৰু পুথিভঁৰালে (পিএমএমএল)। এই চিঠিসমূহ ২০০৮ চনত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ শাসনকালত ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা হৈছিল।
১০ ডিচেম্বৰৰ এখন পত্ৰত পিএমএমএলৰ সদস্য ৰিজৱান কাদৰীয়ে ছোনিয়া গান্ধীয়ে লৈ যোৱা মূল চিঠি বা ফটোকপি বা ডিজিটেল কপি ঘূৰাই দিবলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আহ্বান জনাইছে। চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহতো পিএমএমএলে ছোনিয়া গান্ধীক চিঠি ঘূৰাই দিবলৈ অনুৰোধ কৰিছিল।
উল্লেখ্য যে, জৱাহৰলাল নেহৰুৱে লিখা এই চিঠিবোৰ ঐতিহাসিক বুলি গণ্য কৰা হয়। এইবোৰ ১৯৭১ চনত জৱাহৰলাল নেহৰু স্মৃতিসৌধে নেহৰু সোঁৱৰণী সংগ্ৰহালয় আৰু পুথিভঁৰাল (বৰ্তমান পিএমএমএল)ক গতাই দিয়ে। কিন্তু ২০০৮ চনত ৫১টা বাকচত ভৰাই ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।
এই সংকলনত নেহৰু আৰু এডৱিনা মাউণ্টবেটেন, এলবাৰ্ট আইনষ্টাইন, জয়প্ৰকাশ নাৰায়ণ, পদ্মজা নাইডু, বিজয়া লক্ষ্মী পণ্ডিত, অৰুণা আছাফ আলী, বাবু জগজীৱন ৰাম আৰু গোবিন্দ বল্লভ পন্তৰ দৰে বিশিষ্ট ব্যক্তিসকলৰ চিঠি-পত্ৰ সন্নিবিষ্ট কৰা হৈছে।
পিএমএমএলে নিজৰ পত্ৰত লিখিছে যে এই চিঠিসমূহে ভাৰতীয় ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ সময়সীমাৰ অমূল্য তথ্য প্ৰদান কৰে। এই কাৰণেই পিএমএমএলে তেওঁলোকক পুনৰ সংস্থাটোৰ আৰ্কাইভলৈ প্ৰেৰণ কৰিবলৈ দাবী জনাইছে।