দিল্লী বিধানসভা নিৰ্বাচনক লৈ শাসক-বিৰোধীৰ মাজত বৃদ্ধি পাইছে তপৰতা। এইবাৰৰ নিৰ্বাচনত শাসকীয় দল আপক ক্ষমতাচ্যুত কৰাৰ লক্ষ্যৰে আগ্ৰাসী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে বিজেপিয়ে। বিজেপিৰ জ্যেষ্ঠ নেতাৰ সমান্তৰালকৈ এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও লক্ষ্য কৰি লৈছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপক।
প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীৰ জাপানী পাৰ্কত আয়োজন কৰা পৰিবৰ্তন জনসমাৱেশত ভাষণ প্ৰদান কৰি দেশৰ ৰাজধানীক বিপদ নহয় উন্নয়ন লাগে বুলি মন্তব্য কৰে।
তেওঁ কয়, ‘অনাগত ২৫ বছৰ দিল্লীৰ বাবে অতি গুৰুত্বপূৰ্ণ। দিল্লীয়ে বিচাৰে উন্নয়নৰ এক ধাৰা। গতিকে বিজেপিক ভোট দিয়ক। বিজেপি হৈছে সেৱাৰ মনোভাৱেৰে কাম কৰা এটা দল। দিল্লীবাসীলৈ এটা বিশেষ অনুৰোধ কৰিবলৈ আহিছো। দিল্লীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বিজেপিক সুযোগ দিবলৈ দিল্লীৰ ৰাইজক আহ্বান জনাবলৈ আহিছো। কেৱল বিজেপিয়েহে দিল্লীৰ উন্নয়ন সাধন কৰিব পাৰে।’
‘যোৱা ১০ বছৰত দিল্লীয়ে যি ধৰণৰ ৰাজ্য চৰকাৰ দেখিছে সেয়া ‘আপ-দা’ (বিপদ) তকৈ কম নহয়। দিল্লীৰ জনসাধাৰণে এই কথা আজি বহুত ভালকৈ উপলব্ধি কৰিছে। সেইবাবেই এতিয়া দিল্লীত গুঞ্জৰিত হৈছে আপ-দা সহ্য নকৰো…আমি সলনি কৰিম’, প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে সমালোচনা কৰে আপক।