পেহেলগাম কাণ্ডৰ যিকোনো প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ভাৰত। যিকোনো সময়তে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে ভাৰত চৰকাৰে। বিগত কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে এখনৰ পিছত আন এখন উচ্চস্তৰীয় বৈঠকত মিলিত হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
দেওবাৰে এয়াৰ চীফ মাৰ্শ্বেল এ পি সিঙে সাক্ষাত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। পেহেলগাম কাণ্ডৰ পিছত বৰ্তমানৰ পৰিস্থিতি কেনেকুৱা সেই সন্দৰ্ভত আলোচনা হোৱা বুলি এটা সূত্ৰত প্ৰকাশ পাইছে।
অৱশ্যে এই পৰ্যন্ত এই বৈঠকৰ কোনো আনুষ্ঠানিকতা বিবৃতি বা বৈঠকত কি আলোচনা কৰা হৈছে সেয়া স্পষ্ট হোৱা নাই।
উল্লেখ্য যে, আজি বায়ু সেনাৰ মুৰব্বীগৰাকীক সাক্ষাত কৰাৰ পূৰ্বে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰিছিল জল সেনাৰ মুৰব্বীয়ে।
ইতিমধ্যে পেহেলগাম কাণ্ডৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেইবাখনো বৈঠকৰ অন্তত পাকিস্তানৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা গ্ৰহণৰ বাবে ভাৰতীয় সেনাক পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰা হৈছে।