লোকসভাত সংবিধান সন্দৰ্ভত আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয় যে কংগ্ৰেছ দলে “জৰুৰীকালীনৰ পাপ মচি পেলাব নোৱাৰিব”।
১৯৭৫ চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জাৰি কৰা ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ কথা উল্লেখ কৰি শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যেতিয়া সংবিধানখন ২৫ বছৰ সম্পূৰ্ণ হৈছিল, তেতিয়া সেইখন ফালি দিয়া হৈছিল, কাৰণ তেতিয়া নাগৰিকৰ অধিকাৰ কাঢ়ি লোৱা হৈছিল।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘যেতিয়া সংবিধানখনে ২৫ বছৰ সম্পূৰ্ণ কৰিছিল, তেতিয়া ইয়াক ফালি পেলোৱা হৈছিল, জৰুৰীকালীন অৱস্থা জাপি দিয়া হৈছিল (১৯৭৫ চনত), সকলো সাংবিধানিক অধিকাৰ কাঢ়ি লোৱা হৈছিল আৰু দেশখন কাৰাগাৰলৈ ৰূপান্তৰিত কৰা হৈছিল। নাগৰিকৰ সকলো অধিকাৰ কাঢ়ি লোৱা হৈছিল আৰু সংবাদ মাধ্যমৰ ওপৰত কঠোৰ হৈছিল। কংগ্ৰেছে এই দাগ কেতিয়াও ধুই পেলাব নোৱাৰিব।’
গান্ধী পৰিয়ালক চোকা আক্ৰমণ
কংগ্ৰেছ দলক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সংবিধান সন্দৰ্ভত ভাল বিতৰ্ক হ’ব বুলি আশা কৰিছিলো, কিন্তু একাংশ লোকে তেওঁলোকৰ পৰাজয়ৰ বাবে শোক প্ৰকাশ কৰাৰ সিদ্ধান্ত লয়।
গান্ধী পৰিয়ালৰ ওপৰত কৰা আক্ৰমণ আৰু অধিক চোকা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ এটা পৰিয়ালে সংবিধানৰ ক্ষতি কৰাত কোনো ত্ৰুতি এৰা নাই।
উল্লেখ্য যে ভাৰতৰ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষ্যে সদনত হোৱা আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মূলতঃ কংগ্ৰেছ দলকেই সমালোচনাৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয়।