অসমত অইল ইণ্ডিয়া লিমিটেডৰ চাৰিটা কম্প্ৰেছড বায়’-গেছ (চিবিজি) প্লাণ্ট নিৰ্মাণ কাৰ্য আৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিল্লীত ভাৰ্চুৱেলি আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ দেশৰ কেইবাটাও চিবিজি প্লাণ্টৰ বাবে আয়োজন কৰা ভূমি পূজন অনুষ্ঠানত নিৰ্মাণ কাৰ্য শুভাৰম্ভণি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
উল্লেখ্য যে, অসমত নিৰ্মাণ হ’বলগীয়া চাৰিটা কম্প্ৰেছড বায়’-গেছ হৈছে- গুৱাহাটী, যোৰহাট, শিৱসাগৰ আৰু তিনিচুকীয়া।
পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সৈতে ঘনিষ্ঠ সমন্বয়ত অইল ইণ্ডিয়া লিমিটেডে ৰাজহুৱা খণ্ডৰ ইউনিট (পিএছইউ)ৰ বিনিয়োগ বা ব্যক্তিগত উদ্যোগীৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে ২০২৪-২৫ চনৰ ভিতৰত ২৫টা চিবিজি প্লাণ্ট স্থাপন কৰাৰ পৰিকল্পনা কৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্মাণ কাৰ্য শুভাৰম্ভণি কৰি কয় যে, এই ২৫টা প্লাণ্ট সম্পূৰ্ণ হৈ উঠিলে কৃষকসকল লাভৱান হ’ব।