ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে আই পি এল খিতাপ দখলৰ পিছতে আজি বাংগালুৰুত আয়োজন কৰা বিজয় উসৱত হোৱা পদপিষ্টৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পদপিষ্টৰ এই দুৰ্ঘটনাত এই পৰ্যন্ত ১১জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তেওঁ লিখিছে, ‘বাংগালুৰুত সংঘটিত হোৱা দুৰ্ঘটনাটো অতি দুখজনক। এই দুখজনক মুহূৰ্তত যিসকলে নিজৰ আপোনজনক হেৰুৱাইছে, তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। মই প্ৰাৰ্থনা কৰিছো যে যিসকল আঘাতপ্ৰাপ্ত হৈছে তেওঁলোক সোনকালে সুস্থ হৈ উঠে।’
উল্লেখ্য যে ১৮ বছৰৰ মূৰত আই পি এৰ খিতাপ দখল কৰা আৰ চি বিৰ খেলুৱৈসকলক ওচৰৰ পৰা চাবলৈ তথা শুভেচ্ছা জনাবলৈ চিন্নাস্বামী ষ্টেডিয়ামত উপস্থিত হৈছিল লক্ষধিক লোক। অনুৰাগীৰ সংখ্যা অধিক হোৱা বাবে আৰক্ষীয়ে ভিৰ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয়। ভিৰ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠী চাৰ্জ কৰিবলৈও বাধ্য হয়। ইয়াৰ পিছতে ষ্টেডিয়ামত প্ৰৱেশ কৰিবলৈ গৈ প্ৰৱেশদ্বাৰৰ বাহিৰত ঠেলা হেচাৰ সৃষ্টি হয় আৰু বহু লোক ইয়াৰ কৱলত পৰি মৃত্যুমুখত পৰে।
এই ঘটনাত গুৰুতৰভাৱে আহত হোৱা লোকসকলক সমীপৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু বৰ্তমানো চিকিৎসাধীন হৈ আছে। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
ইফালে এই ঘটনাৰ পিছতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ভিৰ অনিয়ন্ত্ৰিত হৈ পৰিছিল আৰু আৰক্ষীৰ বাবে এই ভিৰ নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে, যাৰ বাবে আমি শোভাযাত্ৰা বন্ধ কৰিবলগীয়া হ’ল।
উল্লেখ্য যে, ৩ জুনত অনুষ্ঠিত আই পি এলৰ ফাইনেলত আৰ চি বিয়ে পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰি ১৮ বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰে। সেই উদ্দেশ্যে বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত আজি আয়োজন কৰা হৈছিল বিজয় উৎসৱ।