সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীয়ে চলাই থকা ব্যাপক অভিযানৰ মাজতে জম্মু-কাশ্মীৰৰ পৰা আহিছে আন এটা উদ্বেগজনক খবৰ। পেহেলগামৰ পিছত এইবাৰ কুপৱাড়া জিলাত অজ্ঞাত অস্ত্ৰধাৰী দুৰ্বৃত্তই এজন সমাজ কৰ্মীক গুলীয়াই হত্যা কৰিছে।
জানিব পৰা অনুসৰি, দুৰ্বৃত্তৰ গুলীত নিহত হোৱা এই লোকজনৰ ভাতৃয়ে কিছু বছৰ পূৰ্বে পাকিস্তানলৈ গৈ সন্ত্ৰাসবাদী সংগঠন লস্কৰত যোগ দিছিল।
আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, শনিবাৰে গভীৰ নিশা কণ্ডী খাছস্থিত ৪৫ বছৰীয়া গুলাম ৰছুল মগৰে নামৰ লোকজনৰ ঘৰত অজ্ঞাত বন্দুকধাৰীয়ে প্ৰৱেশ কৰি তেওঁৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰে।
গুৰুতৰভাৱে আহত গুলাম ৰছুলক লগে লগে সমীপৰে এখন হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা সংকটজনক হোৱাত শ্ৰীনগৰৰ এখন হাস্পতাললৈ প্ৰেৰণ কৰে। স্থানান্তৰিত কৰাৰ পিছতো তেওঁৰ প্ৰাণ ৰক্ষা নপৰিল।
এই ঘটনাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে আক্ৰমণকাৰীক বিচাৰি অভিযান আৰম্ভ কৰে যদিও এতিয়ালৈ কোনো শুং-সূত্ৰ লাভ কৰা নাই। ইফালে জম্মু-কাশ্মীৰ আৰক্ষীয়েও গোচৰ ৰুজু কৰি আক্ৰমণকাৰীৰ সন্ধানত আৰম্ভ কৰিছে তদন্ত।
অৱশ্যে এই পৰ্যন্ত হত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। এটা সূত্ৰৰ উদ্ধৃতিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি গুলাম ৰছুলৰ ভাতৃ গুলাম মোহিদীনে কিছু বছৰ পূৰ্বে সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰিছিল আৰু তেতিয়াৰ পৰাই পাক অধিকৃত কাশ্মীৰত বসবাস কৰি আছে।
উল্লেখ্য যে, পেহেলগাম কাণ্ডৰ পিছৰে পৰা নিৰাপত্তাৰক্ষীয়ে চলাই থকা সন্ত্ৰাসবাদী অভিযানৰ মাজতে এইধৰণ বিক্ষিপ্ত ঘটনাই পুনৰ অস্বস্তিত পেলাইছে সাধাৰণ নাগৰিক আৰু প্ৰশাসনক।