মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰোধী শাখাৰ জালত পৰিল শ্ৰীভূমি জিলাৰ সদৰ থানাৰ এগৰাকী আৰক্ষী কনিষ্টবল। ৪ হাজাৰ টকা ঘোচ লৈ হাতে-লোটে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰোধী শাখাৰ বিষয়াৰ হাতত ধৰা পৰে আৰক্ষী কনিষ্টবল গৰাকী।
আটক হোৱা শ্ৰীভূমি সদৰ থানাৰ কনিষ্টবল জনৰ নাম স্বপন দাস বুলি জানিব পৰা গৈছে।
স্বপন দাসে জাহাঙ্গীৰ আলম নামৰ এজন লোকৰ পৰা এটা গোচৰ নিষ্পত্তি কৰি দিয়াৰ নামত টকাখিনি লৈছিল বুলি জানিব পৰা গৈছে।
আজি বিয়লি ভাগত শ্ৰীভূমি চহৰৰ শম্ভু সাগৰ পাৰ্কৰ সম্মুখত টকাখিনি লৈ থকা অৱস্থাত দুৰ্নীতি বিৰোধী শাখাৰ বিষয়াৰ হাতত ধৰা পৰে স্বপন দাস।