বুধবাৰে ৰাজ্যৰ পাঁচটা সমষ্টিৰ বাবে উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ভোটগ্ৰহণৰ বাবে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকাৰ সময়তে বিপদত পৰিছে বিহালী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা।
নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পিছত বিজেপিৰ পৰা কংগ্ৰেছত যোগদান কৰি দলটোৰ প্ৰাৰ্থী হোৱা জয়ন্ত বৰাৰ মালিকানাধীন দুখনকৈ হোটেলত আৰক্ষীয়ে অভিযান চলোৱাৰ খবৰ আহিছে৷
বিশ্বনাথ চাৰিআলিস্থিত ৰয়েল পেলেচ আৰু ৰয়েল আৱাস নামৰ দুখনকৈ হোটেলত বিশ্বনাথ আৰক্ষী প্ৰশাসনে এই অভিযান চলাইছে।
বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা বিশাল বাহিনীয়ে কংগ্ৰেছ প্ৰাৰ্থী বৰাৰ দুয়োখন হোটেলত অভিযান চলোৱাক কেন্দ্ৰ কৰি ৰাজ্যৰ লগতে বিহালী সমষ্টিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অৱশ্যে ভোটদানৰ এদিন পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ দুখনকৈ হোটেলত কি কাৰণত অভিযান চলোৱা হৈছে সেই বিষয়ে আৰক্ষী-প্ৰশাসনে সংবাদ মাধ্যমক একো জনোৱা নাই। ইফালে ঘটনা সন্দৰ্ভত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ তৰফৰ পৰাও কোনো প্ৰতিক্ৰিয়া অহা নাই।