কেৰালাৰ এগৰাকী অভিনেত্ৰী ৰিনি জৰ্জে এগৰাকী যুৱ নেতাৰ বিৰুদ্ধে গুৰুতৰ ব্যক্তিগত অভিযোগ দাখিল কৰিছে। নেতাগৰাকীয়ে প্ৰায় ৪ বছৰ ধৰি আপত্তিজনক বাৰ্তা প্ৰেৰণ আৰু অনুচিত আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে।
তেওঁ প্ৰকাশ কৰে যে যেতিয়া তেওঁ নিজৰ সমস্যাৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিছিল তেতিয়া নেতাগৰাকীয়ে তেওঁক আওকাণ কৰি তাইক হাৰাশাস্তি কৰি গৈছিল। অৱশ্যে নেতাগৰাকীৰ নাম বা ৰাজনৈতিক সংযোগৰ বিষয়ে ৰাজহুৱাভাৱে প্ৰকাশ কৰা নাই অভিনেত্ৰীগৰাকীয়ে।
২০ আগষ্টত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ৰিনিয়ে কয় যে, নেতাগৰাকীয়ে তেওঁক পঞ্চতাৰকাযুক্ত হোটেললৈ লৈ যোৱাৰ প্ৰস্তাৱ দিছিল। ৰিনিয়ে কয় যে, তেওঁ নেতাজনক কেইবাবাৰো সকীয়াই দিছিল আনকি দলৰ জ্যেষ্ঠ নেতাসকলকো তেওঁৰ বিষয়ে অভিযোগ কৰিছিল, কিন্তু ইয়াৰ পিছতো তেওঁৰ বিৰুদ্ধে কোনো সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল।