মহাকুম্ভ ২০২৫ ত মৌনী অমাৱস্যাৰ দিনটোত শ্ৰদ্ধালু অনুভৱক স্মৰণীয় কৰি তোলাৰ উদ্দেশ্যে বিশেষ আয়োজন কৰা হৈছে। এই অমৃত স্নান উৎসৱত আকাশৰ পৰা ভক্তসকলৰ ওপৰত গোলাপৰ পাহিৰে পুষ্পবৃষ্টি কৰা হ’ব।
অনুমান কৰা হৈছে যে, মৌনি অমৱস্যাত ১০ কোটি ভক্তই অমৃত স্নান কৰিব। এই অনুষ্ঠানে ভক্তসকলক অনন্য অভিজ্ঞতা আৰু উৎসাহ প্ৰদান কৰাৰ লগতে ভক্তসকলৰ ধৰ্মীয় বিশ্বাস আৰু উৎসাহক নতুন আশা প্ৰদান কৰিব। ভক্তসকলে এই অনন্য অভিজ্ঞতা চাবলৈ আৰু অনুভৱ কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে।
মৌনি অমৱস্যাৰ এই পবিত্ৰ উৎসৱত ১০ কোটি ভক্তৰ ওপৰত পুষ্পবৃষ্টি কৰা হ’ব। ইয়াৰ বাবে প্ৰায় ২৫ কুইণ্টল গোলাপৰ পাহিৰ ব্যৱস্থা কৰা হৈছে। প্ৰয়াগৰাজ সংমণ্ডলৰ উদ্যানৰ উপ-সঞ্চালক কৃষ্ণ মোহন চৌধুৰীয়ে কয় যে ভক্তৰ বিপুল জনসমাগমৰ পৰিপ্ৰেক্ষিতত ৫ কুইণ্টল অতিৰিক্ত গোলাপৰ পাহিও সাজু কৰি ৰখা হৈছে।
মহাকুম্ভৰ পুষ্পবৃষ্টিৰ দায়িত্বত থকা ভি কে সিঙে জানিবলৈ দিয়া মতে, সমগ্ৰ অনুষ্ঠানটোত গোটেই দিনটো আটাইকেইটা ঘাটতে ৫ৰ পৰা ৬টা ৰাউণ্ড পুষ্পবৃষ্টি কৰা হ’ব। পুৱা ৬:৩০ বজাৰ পৰা ৭ বজাৰ ভিতৰত প্ৰথম ৰাউণ্ড আৰম্ভ হ’ব। এই দৃশ্য ভক্তসকলৰ বাবে অনন্য হোৱাই নহয়, মহা কুম্ভৰ দেৱত্বও বৃদ্ধি কৰিব।
প্ৰতিটো ৰাউণ্ডৰ বাবে গোলাপৰ পাহিবোৰ বেলেগ বেলেগ ধৰণেৰে সজোৱা হৈছে। তেওঁ কয় যে, এই বিশেষ অনুষ্ঠানৰ জৰিয়তে যোগী চৰকাৰে মৌনি অমৱস্যাত অহা ভক্তসকলক এক নতুন অভিজ্ঞতা প্ৰদানৰ চেষ্টা চলাইছে। পুষ্পবৃষ্টিৰ জৰিয়তে ভক্তসকলক সম্বৰ্ধনা আৰু আদৰণি জনাই তেওঁলোকক ধৰ্মীয় আৰু আধ্যাত্মিক শক্তিৰে ভৰা পৰিৱেশৰ সৃষ্টি কৰা হ’ব।