পাকিস্তানৰ ৰাৱালপিণ্ডিৰ ক্ৰিকেট ষ্টেডিয়ামৰ সমীপত ড্ৰ’ন আক্ৰমণৰ বাবে চৌদিশে বিশৃংখল হৈ পৰিছে। আজি নিশা ৮ মে’ত এই ক্ৰিকেট ষ্টেডিয়ামত পাকিস্তান ছুপাৰ লীগ (পি এছ এল)ৰ এখন খেল অনুষ্ঠিত হ’ব লগা আছিল, যিখন খেল এই ড্ৰ’ন আক্ৰমণৰ পিছত বাতিল কৰা হৈছে।
এক প্ৰতিবেদন অনুসৰি, এই আক্ৰমণৰ পিছত পিএছএলৰ বাকী মেচসমূহৰ স্থানো সলনি কৰিব পৰা যাব। পাকিস্তান ছুপাৰ লীগৰ বাকী খেলসমূহ কৰাচী, দোহা আৰু ডুবাইত অনুষ্ঠিত হ’ব।
ৰাৱালপিণ্ডিত ড্ৰ’ন আক্ৰমণত স্তম্ভিত হৈ পৰিছে বিদেশী খেলুৱৈ। খবৰ অনুসৰি, বহু খেলুৱৈয়ে এই প্ৰতিযোগিতা ত্যাগ কৰি নিজৰ দেশলৈ উভতি যাব বিচাৰিছে। পাকিস্তানী প্ৰাক্তন ক্ৰিকেটাৰ এগৰাকীয়ে সংবাদ মাধ্যমক জনাইছে যে, পাকিস্তান ক্ৰিকেট ব’ৰ্ডে পাকিস্তান চৰকাৰৰ সৈতে আলোচনা কৰি PSL সন্দৰ্ভত সিদ্ধান্ত ল’ব পাৰে। PCBৰ বিষয়াসকলে বাকী থকা PSL মেচসমূহ কৰাচী, দোহা আৰু ডুবাইলৈ স্থানান্তৰিত কৰাৰ পৰামৰ্শ দিছে।
যি সময়ত পাকিস্তানত PSLৰ খেল চলি আছে, ভাৰতত চলি আছে IPL। ইফালে ভাৰতীয় সেনাৰ সফল ‘অপাৰেশ্যন সেন্দুৰ’ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে BCCI য়ে। ‘অপাৰেশ্যন সেন্দুৰ’ৰ জৰিয়তে পাকিস্তানৰ পৰা পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’লে ভাৰতীয় সেনাই।