লোকসভা নিৰ্বাচনৰ পিছৰে পৰা খালী হৈ থকা পাঁচটা বিধানসভা সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। উপ-নিৰ্বাচনৰ বাবে ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত বন্ধ ঘোষণা কৰা হৈছে।
ধলাই, ছিদলী, চামগুৰি, বিহালী আৰু বঙাইগাঁও বিধান সভা সমষ্টি এলেকাত স্থানীয় বন্ধ ঘোষণা কৰিছে। অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা।
১৩ নৱেম্বৰৰ দিনটোত ৫ সমষ্টিত সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানৰ লগতে আন আন অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ থাকিব।
উল্লেখ্য যে এই পাঁচটা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যে শাসক-বিৰোধীয়ে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। মূলতঃ এই পাঁচটা সমষ্টিত মূল যুঁজখন বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছ দলৰ মাজতেই হ’ব।
এই উপ-নিৰ্বাচনৰ ফলাফল অহা ২৩ নৱেম্বৰত প্ৰদান কৰা হ’ব।