ভাৰতীয় ক্ৰিকেট দলৰ অভিজ্ঞ ক্ৰিকেটাৰ চেতেশ্বৰ পূজাৰাই সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ পৰা অৱসৰ ঘোষণা কৰিছে। ক্ৰিকেটাৰগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ৰাজহুৱা কৰে।
সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰা প’ষ্টটোত ক্ৰিকেটাৰ পূজাৰাই উল্লেখ্য কৰে যে ভাৰতীয় দলৰ জাৰ্চি পৰিধান কৰি, ৰাষ্ট্ৰীয় সংগীত গোৱা, আৰু যেতিয়াই খেলপথাৰত প্ৰৱেশ কৰিছিলো মই মোৰ সৰ্বোচ্চ দিয়াৰ চেষ্টা কৰিছিলো।
তেওঁ আৰু কয়, ‘কিন্তু তেওঁলোকে কোৱাৰ দৰে, সকলো ভাল কামৰ অন্ত পৰিবই লাগিব, আৰু অপৰিসীম কৃতজ্ঞতাৰে মই ভাৰতীয় ক্ৰিকেটৰ সকলো ধৰণৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো।’
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ভাৰতীয় ক্ৰিকেট দলৰ পৰা বাহিৰ হৈ থকা পূজাৰাই ভাৰতৰ হৈ ১০৩খন টেষ্ট আৰু ৫ খন এদিনীয়া মেচ খেলিছে। টেষ্ট ক্ৰিকেটত পূজাৰাই ৪৩.৬১ গড়ে ১৯টা শতক আৰু ৩৫টা অৰ্ধশতকৰ সহায়ত ৭১৯৫ ৰান সংগ্ৰহ কৰিছে।
আনহাতে ৫ খন এদিনীয়াৰ ৫টা ইনিংছত তেওঁ সংগ্ৰহ কৰিছিল মাত্ৰ ৫১ ৰান। এদিনীয়া ক্ৰিকেটত তেওঁৰ নামত নাই কোনো অৰ্ধশতক।