আই পি এলৰ মেগা অকশ্যনৰ পূৰ্বে ৰোডমেপ প্ৰস্তুত কৰাত ব্যস্ত প্ৰতিটো দল। সেই অনুসৰি পঞ্জাৱ কিংছেও লৈছে এটা ডাঙৰ সিদ্ধান্ত। পঞ্জাবে দলটোৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে অষ্ট্ৰেলিয়াৰ কিংবদন্তি ৰিকি পণ্টিঙৰ হাতত দায়িত্ব অৰ্পণ কৰিছে।
১৬ বছৰীয়া আই পি এলৰ ইতিহাসত এবাৰো খিতাপ অৰ্জন কৰিব নোৱাৰা পঞ্জাৱ দলটোৱে ইংলেণ্ডৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ট্ৰেভৰ বেলিছৰ ঠাইত নিযুক্তি দিছে ৰিকি পণ্টিঙক।
ট্ৰেভৰ বেলিছক যোৱা দুটা আই পি এল ছিজনৰ বাবে দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। কিন্তু দুয়োবাৰেই পঞ্জাৱ দলটোৱে প্লে অফত প্ৰৱেশ কৰিব নোৱাৰিলে। আই পি এল ২০২৪ত দলটোৱে শক্তিশালী আৰম্ভণি কৰিছিল যদিও অন্তিম কেইখনমান খেলত প্ৰদৰ্শন খুবেই শোচনীয় আছিল।
টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি মোহলীস্থিত দলটোৰ সৈতে চুক্তি চূড়ান্ত কৰাৰ পূৰ্বে পণ্টিঙে আই পি এলৰ আন তিনিটা দলৰ সৈতে আলোচনাত মিলিত হৈছিল।
পঞ্জাৱ কিংছৰ চিইঅ’ সতীশ মেননে পণ্টিঙৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি নিশ্চিত কৰে। তেওঁ এক মিডিয়া বিজ্ঞপ্তিযোগে কয়, ‘অহা ৪টা ছিজনৰ বাবে আমাৰ দলটোক গাইড আৰু দলটোক নতুনকৈ গঢ়ি তুলিবলৈ ৰিকিক লাভ কৰি আমি আনন্দিত হৈছো’।