ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা কাৰ্য অব্যাহত ৰখাক লৈ ক্ষুণ্ণ হৈ পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শেহতীয়াকৈ ভাৰতৰ ওপৰত ২৫-২৫ শতাংশকৈ মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। আমেৰিকাৰ এই কঠোৰ তথা হঠকাৰী পদক্ষেপৰ পিছতো কিন্তু ভাৰতে ৰাছিয়াৰ পৰা প্ৰয়োজনীয় খাৰুৱা তেল ক্ৰয় কাৰ্য অব্যাহত ৰাখিছে।
শুল্ক যুদ্ধক লৈ ভাৰত-আমেৰিকাৰ সম্পৰ্ক অৱনতি ঘটাৰ মাজতে বুধবাৰে ৰাছিয়াই ভাৰত সন্দৰ্ভত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমেৰিকাৰ ধমকৰ পিছতো ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা কাৰ্য অব্যাহত ৰখাৰ বাবে ভাৰতক ৫ শতাংশ ৰেহাই দিয়াৰ কথা ঘোষণা কৰে পুটিন চৰকাৰে।
ভাৰতত ৰাছিয়াৰ উপ-বাণিজ্য প্ৰতিনিধি ইভগেনি গ্ৰীভাই কয়, ‘ৰাছিয়াৰ খাৰুৱা তেল ক্ৰয়ৰ ক্ষেত্ৰত ভাৰতে ৫ শতাংশ ৰেহাই পাব, যিটো আলোচনাৰ ভিত্তিত সিদ্ধান্ত লোৱা হ’ব।’
গ্ৰীভাই আৰু কয় যে ৰাজনৈতিক পৰিস্থিতিৰ মাজতো ভাৰতে প্ৰায় একে মাত্ৰাৰ তেল আমদানি কৰি যাব। এই ৰেহাই ব্যৱসায়িক গোপনীয়তা বুলিও তেওঁ উল্লেখ কৰে।
গ্ৰীভাৰ সৈতে ৰাছিয়াৰ মিছনৰ উপ মুৰব্বী ৰোমান বাবুচাকিনেও এক বিবৃতি প্ৰদান কৰে। তেওঁ কয় যে পৰিস্থিতি প্ৰত্যাহ্বানমূলক, কিন্তু আমাৰ সম্পৰ্কৰ ওপৰত আস্থা আছে। তেওঁ আৰু কয়, ‘বাহ্যিক হেঁচা থকাৰ পাছতো ভাৰত-ৰাছিয়াৰ শক্তি সহযোগিতা অব্যাহত থাকিব বুলি আমি নিশ্চিত।’
ৰোমানে আওপকীয়াকৈ আমেৰিকাক উদ্দেশ্যিয়ে এই মন্তব্য কৰা বুলি অনুমান কৰা হৈছে।
উল্লেখ্য যে, ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় কৰি ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰখাত অৰিহনা প্ৰদান কৰা বুলি অভিযোগ তুলি আমেৰিকাই ভাৰতৰ ওপৰত অধিক হাৰত শুল্ক আৰোপ কৰিছে।