আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনোৱা আৰ অশ্বিনে অৱশেষত বিশ্বৰ সৰ্ববৃহত টি-২০ লীগ আই পি এলৰ পৰাও অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। বুধবাৰে সামাজিক মাধ্যমযোগে এটা প’ষ্ট শ্বেয়াৰ কৰি প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে এই কথা ৰাজহুৱা কৰে।
১৬ বছৰীয়া আই পি এল কেৰিয়াৰত পাঁচটা দলক প্ৰতিনিধিত্ব কৰা অশ্বিনে সৰ্বমুঠ ২২১ খন মেচ খেলিছে। ২০০৯ চনত চেন্নাই ছুপাৰ কিংছৰ হৈ অভিষেক ঘটিছিল অশ্বিনৰ। ইয়াৰ পিছত তেওঁ ৰাইজিং পুনে ছুপাৰজায়েণ্টছ, পঞ্জাৱ কিংছ, দিল্লী কেপিটেলছ আৰু ৰাজস্থানৰ হৈও আই পি এলত অংশ লৈছিল।
২০২৫ চনত অনুষ্ঠিত হৈ যোৱা ছিজনটোৱে আছিল তেওঁৰ আই পি এল কেৰিয়াৰৰ অন্তিম ছিজন। আই পি এলত তেওঁ শেষবাৰ চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছিল।
আই পি এলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি অশ্বিনে ছ’চিয়েল মিডিয়াত লিখিছে, ‘বিশেষ দিন আৰু এটা বিশেষ আৰম্ভণি। কোৱা হয় যে প্ৰতিটো অন্তৰ নতুন আৰম্ভণি আছে, আই পি এলৰ ক্ৰিকেটাৰ হিচাপে মোৰ সময় আজি শেষ হৈছে, কিন্তু বিভিন্ন লীগত খেলৰ অন্বেষক হিচাপে মোৰ সময় আজিৰ পৰা আৰম্ভ হৈছে।’
আৰ অশ্বিনৰ আই পি এল ৰেকৰ্ড
চেন্নাই ছুপাৰ কিংছ- ১০৬ খন মেচত ৯৭টা উইকেট
ৰাইজিং পুনে ছুপাৰজায়েণ্টছ- ১৪ খন মেচত ১০টা উইকেট
পঞ্জাৱ কিংছ- ২৮ খন মেচত ২৫টা উইকেট
দিল্লী কেপিটেলছ- ২৮ খন মেচত ২০টা উইকেট
ৰাজস্থান ৰয়েলছ- ৪৫ খন মেচত ৩৫টা উইকেট