আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৱিত্ৰ পুণ্যতিথি। আজিৰ এই দিনটোক বিষ্ণু ৰাভা দিৱস হিচাপেও পালন কৰা হয়।ৰাজ্যৰ বিভিন্ন স্থানত বিষ্ণু ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত। বিষ্ণুপ্রসাদ ৰাভাৰ প্ৰতি সন্মান জনাই এই দিনটোত ৰাজ্যজুৰি পালন কৰি অহা হৈছে বিষ্ণু ৰাভা দিৱস।
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু । বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল । তেখেতে লিখা গীতসমূহক ৰাভা সংগীত বুলিও কোৱা হয় ।
অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়োই থৈ যোৱা এইগৰাকী মহান ব্যক্তিক কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা ‘নটৰাজ’ নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কলাগুৰু’ সন্মান প্ৰদান কৰিছিল।
১৯৬৯ চনৰ আজিৰ দিনটোতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল। মৃত্যুতিথিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সশ্ৰদ্ধ সোঁৱৰণ।