সোমবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্বৰ বিষয়ত তথ্য প্ৰদানৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক চাৰি সপ্তাহৰ সময় প্ৰদান কৰে। অভিযোগ উত্থাপন হৈছে যে ৰাহুল গান্ধীৰ ব্ৰিটিছ নাগৰিকত্ব আছে আৰু এই প্ৰশ্নটো বহু বছৰ ধৰি চৰ্চা চলি আহিছে।
এই বিষয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছে। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ২১ এপ্ৰিলত উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব।
ন্যায়াধীশ এ আৰ মাছুদী আৰু ন্যায়াধীশ অজয় কুমাৰ শ্ৰীবাস্তৱ-প্ৰথমৰ এখন বিভাগীয় বিচাৰপীঠে কৰ্ণাটকৰ সমাজ কৰ্মী এছ বিগনেশ শিশিৰৰ আবেদনৰ ভিত্তিত এই নিৰ্দেশ দিয়ে। ৰাহুল গান্ধীৰ ব্ৰিটিছ নাগৰিকত্বৰ গোচৰৰ চিবিআইৰ তদন্তৰো দাবী জনাইছিল আবেদনকাৰীয়ে।
ইয়াৰ পূৰ্বে আদালতে ৰাহুল গান্ধীৰ নাগৰিকত্ব গোচৰত গ্ৰহণ কৰা ব্যৱস্থাৰ সবিশেষ দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক ২৪ মাৰ্চলৈকে সময় দিছিল। ইয়াৰ পূৰ্বে আদালতে কেন্দ্ৰক প্ৰশ্ন কৰিছিল যে আবেদনকাৰীৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে।










