ধাৰাসাৰ বৰষুণৰ ফলত পশ্চিমবংগৰ কলকাতাত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে। কেইবাটাও অঞ্চল পানীত ডুব যোৱাৰ ফলত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে।
লাভ কৰা তথ্য অনুসৰি নেৰানেপেৰা বৰষুণৰ ফলত চহৰখনৰ ভিন্ন স্থানত ৭ জন লোকৰ মৃত্যুও হৈছে। মৃত্যুৰ কাৰণ বিদ্যুৎস্পৃষ্ট হোৱাৰ সন্দেহ।
ৰাইজক নিজৰ সুৰক্ষাৰ বাবে ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মঙলবাৰেও নিশা অব্যাহত থকা প্ৰচণ্ড বৰষুণে কলকাতাক অস্থিৰ কৰি তুলিছে।
কলকাতাত হৈ থকা নেৰানেপেৰা বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি ২৪ আৰু ২৫ ছেপ্তেম্বৰত বিদ্যালয় বন্ধ থাকিব বুলি সিদ্ধান্ত লোৱা হৈছে।