বিপদে যেন লগ এৰা নাই বলীউদৰ অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰাক। ৰাজ কুন্দ্ৰাৰ বাসগৃহ আৰু কাৰ্যালয়ত দুদিন পূৰ্বে ইডিয়ে চলোৱা অভিযানৰ পিছত এইবাৰ সেই একেটা গোচৰতে তেওঁলৈ জাৰি কৰা হৈছে চমন।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি ৰাজ কুন্দ্ৰাৰ লগতে ইডিয়ে তেওঁৰ আন সহযোগী লোক সকললৈও চমন জাৰি কৰিছে। ৰাজ কুন্দ্ৰাক সোধা-পোচাৰ বাবে অহা সপ্তাহত ইডিৰ ওচৰত হাজিৰ হ’বলৈ কোৱা হৈছে।
পৰ্ণগ্ৰাফী আৰু অশ্লীল ছবি প্ৰচাৰৰ সৈতে জড়িত ধনসৰবৰাহৰ গোচৰত শনিবাৰে ৰাজ কুন্দ্ৰালৈ চমন জাৰি কৰে ইডিয়ে। ইয়াৰ পূৰ্বে মুম্বাই আৰু উত্তৰ প্ৰদেশৰ কিছু চহৰৰ ১৫টা স্থানত ইডিয়ে অভিযান চলাইছিল।
উল্লেখ্য যে, ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত মুম্বাই আৰক্ষীয়ে উৎখাত কৰিছিল এটা পৰ্ণ ৰেকেট। ইয়াৰ পিছতেই মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে অশ্লীল ছবি নিৰ্মাণ আৰু সেইসমূহ বিভিন্ন অ’টিটি প্লেটফৰ্মত মুকলি কৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।
গোচৰ ৰুজু কৰাৰ পিছৰে পৰা আৰক্ষীয়ে ক্ষীপ্ৰগতিৰে তদন্ত আৰম্ভ কৰি বিভিন্ন স্থানত অভিযান চলাইছিল। এই অভিযানত আৰক্ষীৰ হাতত ধৰা পৰিছিল চাৰিজন লোক। এই চাৰিজন লোকক সোধাপোচা কৰাৰ পিছতেই পোহৰলৈ আহিছিল শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ নাম। পৰ্যাপ্ত তথ্যৰ ভিত্তিত পিছত আৰক্ষীয়ে ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰিছিল।