ৰাজস্থানৰ কোটপুটলিত ১০ দিন পূৰ্বে হঠাতে এটা ব’ৰৱেলত সোমাই পৰা ৩ বছৰীয়া চেতনাক অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও উদ্ধাৰকাৰী দলে বুধবাৰে কণমানিজনীক সুকলমে উদ্ধাৰ কৰাত দেশবাসীৰ মাজত আনন্দৰ লহৰ উঠিছে।
ব’ৰৱেলৰ পৰা উদ্ধাৰ কৰাৰ পিছতে চেতনাক হাস্পতাললৈ লৈ যোৱা হয়। সম্প্ৰতি তেওঁৰ স্বাস্থ্য পৰীক্ষা চলি আছে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, বিগত ২৩ ডিচেম্বৰৰ দিনা খেলি থাকোতে ৩ বছৰীয়া চেতনা হঠাতে ব’ৰৱেলত সোমাই পৰিছিল। এই ব’ৰৱেলৰ গভীৰতা ৭০০ ফুট, আনহাতে চেতনা ১৫০ ফুট গভীৰতাত আৱদ্ধ হৈ পৰে।
ইয়াৰ পিছতে চেতনাক উদ্ধাৰ কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰে যদিও সকলো প্ৰচেষ্টা বিফল হয়। কিন্তু এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ যৌথ অভিযানৰ অন্তত আজি ৩ বছৰীয়া চেতনাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।