উচ্চতম ন্যায়ালয়ে ৭ জানুৱাৰীত পদপথৰ কুকুৰৰ গোচৰটোৰ শুনানিত কয় যে, ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ২ জন ন্যায়াধীশ এই পদপথৰ কুকুৰৰ দ্বাৰা দুৰ্ঘটনাত পতিত হৈছিল আৰু এজন এতিয়াও মেৰুদণ্ডৰ আঘাতত ভুগি আছে।
ন্যায়াধীশ বিক্ৰম নাথ, সন্দীপ মেহতা, এন ভি অঞ্জৰিয়াৰ বিচাৰপীঠে শুনানিৰ আৰম্ভণিতে কয় যে, কোনেও অভিযোগ কৰা উচিত নহয় যে তেওঁলোকৰ কথা শুনা নাযায়। কেৱল প্ৰথমে তেওঁলোকে ভুক্তভোগীৰ কথা শুনিব, তাৰ পিছত কুকুৰ প্ৰেমীৰ কথা শুনিব।
ন্যায়ালয়ে উল্লেখ কৰে যে, পদপথত এনেই ঘূৰি-ফুৰা কুকুৰৰ বাবে বিগত ২০ দিনত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ২ জনকৈ ন্যায়াধীশৰ দুৰ্ঘটনা সংঘটিত হৈছিল। উচ্চতম ন্যায়লয়ে ২০২৫ বৰ্ষৰ ৭ নৱেম্বৰত শৈক্ষিক প্ৰতিষ্ঠান, ৰেলৱে আস্থান আৰু চিকিৎসালয়ৰ দৰে ৰাজহুৱা স্থানত কুকুৰে কামোৰা লোকৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰি সঠিকভাৱে বন্ধ্যাকৰণ আৰু টিকাকৰণৰ পিছত কুকুৰবোৰক তৎক্ষণাত নিৰ্দিষ্ট আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ দিয়ে।
আদালতে লগতে কয় যে, বন্দী হোৱা পদপথৰ কুকুৰবোৰক যি স্থানৰ পৰা বন্দী কৰা হৈছিল, সেই স্থানলৈ উভোতাই পঠিওৱা নহয়। এক প্ৰতিবেদন অনুসৰি ৰাজ্যিক ঘাইপথ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱেৰ পৰা পথৰ সকলো অনাই-বনাই ঘূৰি-ফুৰা জীৱ-জন্তু আঁতৰাবলৈও আদালতে নিৰ্দেশ দিছিল।









