মহাৰাষ্ট্ৰত আটাইতকৈ ডাঙৰ ৰাখী বনোৱাৰ অভিলেখ অৰ্জন কৰিছে। ললিতা পাব্লিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে এই ৰাখী বনাইছে। এই বিশাল ৰাখী অপাৰেচন সিন্দুৰৰ লগতে মহিলা দবা চেম্পিয়ন দিব্য দেশমুখলৈ উচৰ্গা কৰা হৈছে।
ধৰ্ম, সংস্কৃতি, বিজ্ঞান, ক্ৰীড়া, প্ৰতিৰক্ষা, প্ৰযুক্তিবিদ্যা এই ৰাখীৰ জৰিয়তে চিত্ৰিত কৰা হৈছে। এই ৰাখীৰ এফালে কৰ্ণেল ছফিয়া কুৰেশী, উইং কমাণ্ডাৰ ব্যোমিকা সিঙৰ ফটো ৰখা হৈছে, আনফালে মহিলা দবা চেম্পিয়ন দিব্যা দেশমুখৰ ফটোও দবা বৰ্ডৰ সৈতে লগোৱা হৈছে। ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ ফটোও এই ৰাখীত লগোৱা হৈছে।
এই ৰাখীৰ প্ৰস্থ ৩৪ ফুট আৰু দৈৰ্ঘ্য ৪৪ ফুট। বিদ্যালয়খনে দাবী কৰিছে যে এই ৰাখী লিমকা বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত পঞ্জীয়ন কৰিবলৈ প্ৰচেষ্টা চলোৱা হ’ব। গৌৰৱময় ভাৰতৰ পৰিচয়ৰ নামত এই ৰাখী নিৰ্মাণ কৰা হৈছে। এই ৰাখীৰ জৰিয়তে নাৰী সবলীকৰণ দেখুৱাবলৈ এক প্ৰয়াস কৰা হৈছে। প্ৰায় ১৫০ টা শিশুৱে একেলগে ১৫ দিনত এই ৰাখী বনাইছিল।
গৌৰৱময় ভাৰতৰ ধাৰণাৰে নিৰ্মাণ কৰা হৈছে এই ৰাখী, এক নতুন উৰণ। বিদ্যালয়ৰ পৰিচালক চেতনা টংকে কয় যে প্ৰতি বছৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন বিষয়বস্তুৰে ৰাখী তৈয়াৰ কৰে। পুৰণি বস্তুৰ সংমিশ্ৰণেৰে এই ৰাখী তৈয়াৰ কৰা হয়। পুৰণি কাগজ, বাতৰি কাকত, ৱাল পেপাৰ, দুপট্টা আৰু ৰঙীন কাগজ মিহলাই ৰাখী তৈয়াৰ কৰা হৈছে। ৰাখীৰ ভেটি বনাবলৈ বাঁহৰ লাঠি আৰু সূতা হিচাপে বাঁহ আৰু ৰছী ব্যৱহাৰ কৰা হৈছিল।