বৰ্তমান পবিত্ৰ ৰমজান মাহ চলি আছে। আজি হৈছে ৰমজান মাহৰ প্ৰথমটো শুকুৰবাৰ (৭ মাৰ্চ,২০২৫)। ইছলামত জুম্মা নামাজক যথেষ্ট গুৰুত্ব দিয়া হয়। আজি ৰোজা ৰখা ইছলামধৰ্মীৱলম্বী লোকসকলে জুম্মা নামাজ পঢ়ি আল্লাহৰ সন্মুখত প্ৰাৰ্থনা কৰিব। ৰোজা ৰখা আৰু জুম্মা নামাজ পঢ়াৰ যথেষ্ট আছে।
জুম্মা নামাজৰ পূৰ্বে মছজিদত বিশেষ চাফাই কৰা হয়। আজি দিনৰ ১২:৩৩ বজাত শুকুৰবাৰৰ নামাজ আদায় কৰা হ’ব। কিন্তু বিভিন্ন মছজিদত জুম্মা নামাজৰ সময়ত কিছু কিছু পাৰ্থক্য দেখা যায়।
ৰমজান মাহক ইবাদতৰ মাহ বুলি কোৱা হয়। এই ইবাদত মাহ ৰমজানত শুকুৰবাৰৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পায়। বিশ্বাস কৰা হয় ,যে যিসকলে ৰোজা ৰাখে আৰু জুম্মাৰ নামাজ আদায় কৰে, তেওঁলোকৰ ওপৰত আল্লাহে দয়া কৰে।
এইবাৰ ৰমজানত মুঠ ৪টা শুকুৰবাৰ হ’ব, ইয়াৰে আজি প্ৰথমটো শুকুৰবাৰ। ইছলামত মুছলমানসকলৰ বাবে দিনটোত পাঁচবাৰ নামাজ পঢ়াটো বাধ্যতামূলক। ইয়াৰ ভিতৰত জুম্মা নামাজৰ বিশেষ তাৎপৰ্য আছে।
জুম্মা নামাজ আদায় কৰাসকলৰ গোটেই সপ্তাহটোৰ ভুল আল্লাহে ক্ষমা কৰে বুলি বিশ্বাস কৰা হয়।