বলীউড অভিনেতা-অভিনেত্ৰীয়ে প্ৰায়ে নিজৰ কাণ্ড-কাৰখানাৰ বাবে বিতৰ্কৰ সন্মুখীন হৈ আহিছে। এইবাৰ বিতৰ্কৰ সন্মুখীন হৈছে অভিনেতা ৰণবীৰ সিং। এক অনুষ্ঠানত ঋষভ শ্বেট্টীৰ ছবি “কান্তৰা: অধ্যায় ১”ৰ পৱিত্ৰ দেৱতাৰ আচাৰ-ব্যৱহাৰ অনুকৰণ কৰি উপহাস কৰিছিল বলীউড অভিনেতা ৰণবীৰ সিঙে।
বৰ্তমান এই বিষয়টো আইনী সমস্যালৈ পৰিণত হৈছে। বেংগালুৰুৰ হাই গ্ৰাউণ্ডছ থানাত তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। ২০২৫ চনৰ ২৮ নৱেম্বৰত সংঘটিত হোৱা এই ঘটনাই এতিয়া তেওঁৰ সমস্যা অধিক বৃদ্ধি কৰিছে।
এই অনুষ্ঠানৰ সময়ত মঞ্চত ৰণবীৰ সিঙে কান্তৰা ছবিৰ কিছু ভংগীমা অনুকৰণ কৰি অনুষ্ঠান পৰিৱেশন কৰিছিল। যাৰ বাবে এতিয়া তেওঁৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হৈছে। খবৰ অনুসৰি, আদালতৰ নিৰ্দেশৰ পিছত ২৮ জানুৱাৰীত বেংগালুৰু আৰক্ষীয়ে আনুষ্ঠানিকভাৱে এই অভিযোগ দাখিল কৰে। দেৱতাৰ আচাৰ-ব্যৱহাৰক পৱিত্ৰ আৰু গভীৰভাৱে ধৰ্মীয় বুলি গণ্য কৰা হয়, যাৰ বাবে ৰণবীৰৰ অনুকৰণে এতিয়া আইনী মাত্ৰা লাভ কৰিছে।
এই অভিযোগ দাখিল কৰিছে বেংগালুৰুৰ অধিবক্তা প্ৰশান্ত মেথালে। অভিযোগত ৰণবীৰ সিঙে নিজৰ অভিনয়ৰ জৰিয়তে উপকূলীয় কৰ্ণাটকৰ পবিত্ৰ চাভুণ্ডি দৈৱ পৰম্পৰাক অপমান কৰি হিন্দু সমাজৰ ধৰ্মীয় আৱেগক গভীৰভাৱে আঘাত কৰা বুলি কোৱা হৈছে। ভাৰতীয় দণ্ডবিধিৰ ১৯৬, ২৯৯, আৰু ৩০২ ধাৰাত ৰণবীৰ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
এফ আই আৰ অনুসৰি, অভিযোগকাৰীৰ মতে ৰণবীৰ সিঙে মঞ্চত অভিনয় কৰাৰ সময়ত পৱিত্ৰ দৈৱ পৰম্পৰাক উপহাস কৰিছিল। দৈৱ আচাৰ-অনুষ্ঠানৰ দৰে স্পৰ্শকাতৰ আৰু বিশ্বাস সম্পৰ্কীয় বিষয় এটা অশ্লীল, হাস্যৰসময়ী, অপমানজনক ৰূপত উপস্থাপন কৰিছিল। অভিযোগটোত বিশেষভাৱে আপত্তি কৰা হৈছে যে ৰণবীৰে তেওঁৰ অভিনয়ৰ সময়ত পাঞ্জুৰলী আৰু গুলিগা দৈৱৰ লগত জড়িত পবিত্ৰ ভংগীমা আৰু অভিব্যক্তি অনুকৰণ কৰিছিল, যিটো এই পৰম্পৰাৰ অনুগামীসকলে তেওঁলোকৰ বিশ্বাসক অপমান বুলি গণ্য কৰে।
লগতেআন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অধিবক্তাগৰাকীয়ে। তেওঁলোকৰ অভিযোগ যে ৰণবীৰ সিঙে চাৱুন্দি দৈভাক নাৰী ভূত বুলি উল্লেখ কৰিছিল। অভিযোগকাৰীৰ মতে, ৰণবীৰৰ এই মন্তব্য কেৱল ভুল হোৱাই নহয়, এই পৱিত্ৰ সত্তাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক তাৎপৰ্যকো সম্পূৰ্ণৰূপে কলংকিত কৰিছে।
এই সমগ্ৰ বিষয়টো এতিয়া বেংগালুৰুৰ প্ৰথম অতিৰিক্ত মুখ্য মহানগৰ দণ্ডাধীশ আদালতৰ দুৱাৰমুখত উপনীত হৈছে, য’ত আদালতে গোচৰটো তীক্ষ্ণভাৱে পৰীক্ষা কৰি আছে। পৰৱৰ্তী শুনানিৰ বাবে ৮ এপ্ৰিলৰ দিন নিৰ্ধাৰণ কৰিছে আদালতে। আদালতৰ নথি অনুসৰি যোৱা বছৰৰ ২৭ ডিচেম্বৰত অধিবক্তা প্ৰশান্ত মেথালে বেংগালুৰুৰ অতিৰিক্ত ন্যায়িক দণ্ডাধীশৰ সন্মুখত ব্যক্তিগত অভিযোগ দাখিল কৰিছিল। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আদালতে ২৩ জানুৱাৰীত কঠোৰ স্থিতি গ্ৰহণ কৰি হাই গ্ৰাউণ্ড থানাক আনুষ্ঠানিক এফ আই আৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধিৰ ১৭৫(৩) ধাৰাত তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে।









