ৰেপিড’ ব্যৱহাৰকাৰীসকলৰ বাবে ডাঙৰ খবৰ। ৰাইড-হেলিং এপ ৰেপিডোৱে আনিছে নতুন চাৰ্জ চিষ্টেম। এই নতুন চাৰ্জ চিষ্টেমে হতচকিত কৰি তুলিছে সাধাৰণ যাত্ৰীসকলক। এতিয়া যদি আপুনি যাত্ৰা কৰাৰ সময়ত সেই পথত ব্যাপক যান-জঁটৰ সন্মুখীন হয় আৰু যাত্ৰাত পলম হয় তেন্তে ভৰিব লাগিব অতিৰিক্ত মূল্য।
যান-জঁটৰ বাবে যদি যাত্ৰাত ১০ মিনিটতকৈ অধিক পলম হয় তেন্তে প্ৰতি মিনিটত ০.৫০ টকা অতিৰিক্ত মূল্য আৰোপ কৰা হ’ব, যাৰ সৰ্বোচ্চ সীমা ৩০ টকালৈ নিৰ্ধাৰণ কৰা হৈছে।
ৰেপিড’ৰ এই সিদ্ধান্তৰ পিছতেই বাংগালুৰুৰ দৰে চহৰত যাত্ৰীসকলৰ মাজত অসন্তুষ্টি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বহু সংখ্যক ৰেপিড’ ব্যৱহাৰকাৰীয়ে এই সিদ্ধান্তক ‘অনুচিত’ আৰু ‘শোষণমূলক’ আখ্যা দিছে। বহুতৰ প্ৰশ্ন- যান-জঁট যাত্ৰীৰ নিয়ন্ত্ৰণত নাথাকে যেতিয়া তাৰ বাবে অতিৰিক্ত মূল্য কিয় ভৰিব?
সম্প্ৰতি এই সিদ্ধান্ত সন্দৰ্ভত CCPAয়ে সমীক্ষা কৰি আছে, কিন্তু ৰেপিড’ৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই। গ্ৰাহক তথা যাত্ৰীসকলৰ মাজত বৃদ্ধি পোৱা অসন্তুষ্টিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই সন্দৰ্ভত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।