শিক্ষাৰ্থীসকলৰ বাবে এক ভাল খবৰ আনিছে ৰেপিড’ৱে। এতিয়াৰে পৰা গুৰুগ্ৰাম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৰেপিড’ ৰাইড বুকিং কৰিলে ২৫ শতাংশ ৰেহাই পাব। এইটো কেৱল জি ইউ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবেহে প্ৰযোজ্য হ’ব।
এতিয়াৰ পৰা যদি জি ইউৰ ছাত্ৰ-ছাত্ৰীয়ে দিল্লী এন চি আৰৰ যিকোনো ঠাইৰ বাবে ৰাইড বুকিং কৰে তেন্তে তেওঁলোকে তাত ২৫ শতাংশ অফাৰ পাব।
উল্লেখ্য যে, শেহতীয়াকৈ বাইক ৰাইডৰ বাবে ৰেপিড’ আৰু গুৰুগ্ৰাম বিশ্ববিদ্যালয়ৰ মাজত এক চুক্তি সম্পাদন হৈছিল। ইয়াৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলে কলেজলৈ অহা-যোৱা কৰাত যথেষ্ট সকাহ পাব। চুক্তি অনুসৰি, এতিয়াৰে কম টকা খৰচ কৰিয়েই শিক্ষানুষ্ঠানলৈ আহিব পাৰিব।
বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকে ৰেপিড’ৰ এই অফাৰ কেনেকৈ লাভ কৰিব সেই সম্পৰ্কে দিয়া তথ্য অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমে ৰেপিড’ৰ কিউআৰ ক’ড স্কেন কৰি কলেজৰ আইডি কাৰ্ড আপলোড কৰিব লাগিব। এতিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰজনৰ ফোনত এটা প্ৰমো ক’ড ডাউনলোড কৰা হ’ব। ৰাইড বুকিং কৰাৰ সময়ত এই প্ৰমো ক’ডটো দিব লাগিব। প্ৰমো ক’ড দিয়াৰ লগে লগে শিক্ষাৰ্থীসকলে ৰাইডত ২৫ শতাংশ অফাৰ লাভ কৰিব।