আফগানিস্তানৰ তাৰকা লেগ স্পিনাৰ ৰাছিদ খানে ৰচিলে ইতিহাস। টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা বলাৰৰ শীৰ্ষ স্থানত উপনীত হ’ল ৰাছিদ খান। নিউজিলেণ্ডৰ টিম ছাউথিক অতিক্ৰম কৰি এই বিশেষ কৃতিত্বৰ অধিকাৰী হয় আফগানিস্তানৰ ক্ৰিকেটাৰগৰাকী।
এই পৰ্যন্ত ৰাছিদ খানে সংগ্ৰহ কৰিছে ১৬৫টা উইকেট। ইয়াৰ পূৰ্বে শীৰ্ষ স্থানত থকা ছাউথিয়ে নিজৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ১২৬খন মেচৰ ১২৩টা ইনিংছত ১৬৪টা উইকেট দখল কৰিছিল। আনহাতে ৰাছিদ খানে মাত্ৰ ৯৮খন মেচতেই সৰ্বাধিক উইকেট দখলৰ অভিলেখ গঢ়ে।
টি-২০ত সৰ্বাধিক উইকেট দখল কৰা বলাৰ
ৰাছিদ খান – ১৬৫ উইকেট
টিম ছাউথি – ১৬৪ উইকেট
ঈশ সোধি – ১৫০ উইকেট
ছাকিব আল হাছান – ১৪৯ উইকেট
মুস্তাফিজুৰ ৰহমান – ১৪২ উইকেট
ত্ৰিদেশীয় শৃংখলাৰ তৃতীয়খন মেচত ইউ এ ইৰ বিৰুদ্ধে খেলা মেচখনত ২৬ বছৰীয়া ৰাছিদে এই কৃতিত্ব অৰ্জন কৰে। মেচখনত ৰাছিদে ৪ অভাৰত মাত্ৰ ২১ ৰান খৰচ কৰি ৩ উইকেট দখল কৰে।
কেৱল এয়াই নহয়, ৰাছিদে অধিনায়ক হিচাপে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৫০টা উইকেট দখল কৰাৰো কৃতিত্ব গঢ়ে। এই কৃতিত্ব গঢ়া তেওঁ বিশ্বৰ পঞ্চমগৰাকী অধিনায়ক।