বিশিষ্ট উদ্যোগপতি ৰতন টাটা আৰু নাই। বুধবাৰে ৮৬ বছৰ বয়সত মুম্বাইৰ এখন হাস্পতালত মৃত্যুবৰণ কৰে ৰতন টাটাই। এই মহান উদ্যোগপতিগৰাকীৰ মৃত্যুত শোকত মৃয়মান হৈ পৰিছে দেশবাসী।
এইগৰাকী মানৱ দৰদী ব্যক্তিৰ অন্যান্য ক্ষেত্ৰসমূহৰ দৰে ক্ৰীড়াক্ষেত্ৰৰ প্ৰতিও আছিল বিশেষ আকৰ্ষণ। বিশেষকৈ ক্ৰিকেটৰ প্ৰতি আছিল তেওঁৰ অগাধ প্ৰেম। টাটা গ্ৰুপে বিগত কেইবাবছৰো ধৰি ভাৰতীয় ক্ৰিকেটত অধিকাংশ ক্ৰিকেটাৰকে সহায় কৰি আহিছে।
টাটা গ্ৰুপৰ অধীনষ্ঠ বহু কোম্পানীয়ে দেশৰ ক্ৰিকেটাৰসকলক চাকৰিৰ লগতে আন আন সুবিধা প্ৰদান কৰি আহিছে। পেছাদাৰী কেৰিয়াৰৰ প্ৰতিও সমৰ্থন আৰু সহায় আগবঢ়াই আহিছে টাটা গ্ৰুপৰ কোম্পানীসমূহে।
টাটা গ্ৰুপৰ কোম্পানীয়ে সহায় কৰা ক্ৰিকেটাৰসকল
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ফাৰুক ইঞ্জিনিয়াৰে লাভ কৰিছিল টাটা মটৰ্ছৰ সমৰ্থন। তেওঁ টাটা মটৰ্ছ আৰু ৰাছিয়ান সুৰতি ইণ্ডিয়ান হোটেল কোম্পানী লিমিটেডক প্ৰতিনিধিত্ব কৰিছিল।
১৯৮৩ চনৰ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ সদস্য মহিন্দৰ অমৰনাথকো সহায় কৰিছিল টাটা গ্ৰুপৰ এয়াৰ ইণ্ডিয়াই।
আনহাতে প্ৰাক্তন ক্ৰিকেটাৰ সঞ্জয় মাঞ্জৰেকাৰ, ৰবিন উথাপ্পা আৰু ভিভিএছ লক্ষ্মণৰ দৰে প্ৰবীণ খেলুৱৈও টাটা ইক’চিষ্টেমৰ অংশ আছিল। তেওঁলোকে এয়াৰ ইণ্ডিয়াৰ হৈ খেলিছিল।
জভাগল শ্ৰীনাথ, যুৱৰাজ সিং, হৰভজন সিং আৰু মহম্মদ কাঈফৰ কেৰিয়াৰৰ উত্থানৰ ক্ষেত্ৰত ইণ্ডিয়ান এয়াৰলাইন্সে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বিশেষকৈ টাটা ষ্টীলে অজিত আগৰকাৰৰ কেৰিয়াৰ উত্থানত যথেষ্ট সহায় কৰিছিল।
ইয়াৰ উপৰি শাৰ্দুল ঠাকুৰ, জয়ন্ত যাদৱকো সহায় কৰিছে টাটা গ্ৰুপে।