ভাৰতত হিন্দী ভাষাৰ গুৰুত্বক লৈ দীৰ্ঘদিনৰ পৰা চলি আহিছে ৰাজনৈতিক বিতৰ্ক। এইবাৰ এই বিতৰ্কক অধিক মাত্ৰা প্ৰদান কৰিলে ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনে। সদ্য সমাপ্ত অষ্ট্ৰেলিয়া ভ্ৰমণৰ মাজতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱা অশ্বিনে কয় যে হিন্দী কেৱল ভাৰতৰ চৰকাৰী ভাষা, ৰাষ্ট্ৰীয় ভাষা নহয়।
যি সময়ত মোদী চৰকাৰে এক দেশ, এক ভাষা হিচাপে হিন্দীক অধিক গুৰুত্ব প্ৰদান কৰিছে, সেই সময়তে অশ্বিনে কৰা এই মন্তব্যই দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
চেন্নাইস্থিত এখন মহাবিদ্যালয়ৰ এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে অশ্বিনে। হিন্দী ভাষাক লৈ কৰা তেওঁৰ মন্তব্যই ইতিমধ্যে বিতৰ্কৰ সূচনা কৰিছে।
উল্লেখ্য যে দক্ষিণ ভাৰতৰ তামিলনাডুৰ এগৰাকী ক্ৰিকেটাৰ অশ্বিন। হিন্দী ভাষাক লৈ দক্ষিণ ভাৰত আৰু উত্তৰ ভাৰতৰ মাজত চলি থকা বিতৰ্ক কোনো নতুন কথা নহয়। কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে দক্ষিণ ভাৰতত বলপূৰ্বকভাৱে হিন্দী ভাষা জাঁপি দিবলৈ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে দক্ষিণ ভাৰতৰ ৰাজনৈতিক দলসমূহে। দক্ষিণ ভাৰতৰ ৰাজনৈতিক দলসমূহৰ দৰে হয়তো অশ্বিনেও আওপকীয়াকৈ সেই কথাটোকেই ক’ব বিচাৰিছিল।
হিন্দী ভাষাৰ বিষয়ে কি কয় অশ্বিনে?
মহাবিদ্যালয়খনৰ অনুষ্ঠানত যেতিয়া ভাষণ দিবলৈ মঞ্চত উঠিছিল, তেতিয়া তেওঁ প্ৰথমে জানিব বিচাৰিছিল যে দৰ্শকৰ আসনত বহি থকা কিমানজনে ইংৰাজী, তামিল, হিন্দী বুজি পায়। তেওঁ সোধে, ‘ইয়াত কিমান মানুহে ইংৰাজী বুজি পায়?’ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ বেছিভাগেই ইংৰাজী বুজি পোৱা বুলি চিঞৰি উঠিল। ইয়াৰ পিছত তেওঁ তামিল সম্পৰ্কে প্ৰশ্ন কৰিছিল। তাতো ভাল সঁহাৰি লাভ কৰে। শেষত অশ্বিনে কয়, ‘হিন্দী কিমান মানুহে বুজি পায়?’ এইবাৰ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ সঁহাৰি যথেষ্ট কম।
ইয়াৰ পিছত অশ্বিনে কৈছিল, ‘হিন্দী আমাৰ চৰকাৰী ভাষা, ৰাষ্ট্ৰীয় ভাষা নহয়।’
উল্লেখ্য যে, সংবিধানত হিন্দীক চৰকাৰী ভাষা হিচাপে অভিহিত কৰা হৈছে। দেশজুৰি ১৪ ছেপ্তেম্বৰৰ দিনটো হিন্দী দিৱস হিচাপে পালন কৰা হয়। ২০১১ চনৰ লোকপিয়ল অনুসৰি, দেশত ৪৩.৬৩ শতাংশ লোকৰ মাতৃভাষা হিন্দী।