বিগত তিনিদিন ধৰি সন্ধান নাই ৰাজ্যৰ বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ। আৰক্ষী আৰু উদ্ধাৰকাৰী দলে উলিয়াব পৰা নাই ৰমেন বৰুৱাৰ সন্ধান। মহাবাহুৰ বুকুত এফালৰ পৰা সন্ধান চলাইছে যদিও ৰমেন বৰুৱাৰ সন্ধান পাবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দলে।
ইফালে, মঙলবাৰৰ নিশা স্নিফাৰ ডগৰ সহায়ত ব্ৰহ্মপুত্ৰৰ পাৰৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই ৰমেন বৰুৱাৰ। অৱশ্যে তিলমানো সন্ধান লাভ কৰা নাই ৰমেন বৰুৱাৰ।
আনহাতে, বুধবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত গুৱাহাটীৰ পৰা ধুবুৰীলৈ চলিব অভিযান। ইতিমধ্যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কোনো ত্ৰুটি নৰখাকৈ বৰুৱাৰ সন্ধান উলিয়াবলৈ নিৰ্দেশ প্ৰদান কৰে।
উল্লেখ্য যে, সোমবাৰে পুৱাৰ পৰাই সন্ধানহীন হৈ আছে ৰমেন বৰুৱা। প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱাৰে পৰাই সন্ধান নাই ৰমেন বৰুৱাৰ। লতাশিলস্থিত বাসভৱনৰ পৰা লতাশিল গণেশ মন্দিৰলৈ বুলি ওলাই গৈছিল ৰমেন বৰুৱা। তেতিয়াৰ পৰাই ৰমেন বৰুৱাৰ কোনো সন্ধান লাভ কৰা নাই পৰিয়ালৰ লোকে।
পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰাৰ পিছতো কোনো ধৰণৰ সন্ধান লাভ নকৰাত অৱশেষত লতাশিল আৰক্ষী থানাত নিৰুদ্দেশৰ গোচৰ ৰুজু কৰে পৰিয়ালৰ লোকে। গোচৰ ৰুজুৰ পিছতে লতাশিল আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে ৰমেন বৰুৱাৰ।
ইফালে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ খুলিছে বিশিষ্ট সংগীত শিল্পী তথা ৰমেন বৰুৱাৰ ভাতৃ দ্বীপেন বৰুৱাই। দ্বীপেন বৰুৱাৰ অভিযোগৰ ভিত্তিত বৰ্তমান ৰমেন বৰুৱাৰ জীয়ৰীক লতাশিল আৰক্ষীয়ে তলৱ কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত জীয়ৰীক জেৰা চলাব লতাশিল আৰক্ষীয়ে।