ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে মূল ঋণৰ হাৰ বা ৰেপ’ ৰেট হ্ৰাস কৰিছে। ৪ জুনৰ পৰা আৰম্ভ হোৱা মুদ্ৰা নীতিৰ বৈঠকৰ অন্তত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই এখন সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰে।
সংবাদমেলত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ মালহোত্ৰাই ৰেপ’ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ ফলত ৰেপ’ৰেট ৬ শতাংশৰ পৰা ৫.৫ শতাংশলৈ হ্ৰাস পাব।
ৰেপ’ ৰেট হ্ৰাস কৰাৰ অর্থ হ’ল, ৰিজাৰ্ভ বেংকে যি সুদৰ হাৰত বেংকসমূহক ঋণ দিয়ে, সেই সুদৰ হাৰ এতিয়া ৬ শতাংশৰ পৰা ৫.৫ শতাংশ হ’ব। ফলত বেংকসমূহেও গ্ৰাহকক সুদৰ হাৰ কমোৱাৰ সুবিধা দিয়ে।
উল্লেখ্য যে, ফেব্ৰুৱাৰী মাহত ২৫ বেছিছ পইণ্ট, এপ্ৰিল মাহত ২৫ বেছিছ পইণ্ট হ্ৰাস পোৱাৰ পিছত এইটো ক্ৰমাগত তৃতীয়টো হাৰ কৰ্তন।
ৰেপ’ ৰেট হ্ৰাস কৰাৰ ফলত গৃহ, যান-বাহনৰ লগতে অন্যান্য ঋণৰ ই এম আই হ্ৰাস পাব।