দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসত মণিপুৰৰ ৰাজধানী ইম্ফলত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যৱাহ শ্ৰী দত্তাত্ৰেয় হোছাবলেয়ে। পশ্চিম ইম্ফলৰ ভাস্কৰ প্ৰভাত ত্ৰিৰংগা উন্মোচন কৰি সৰকাৰ্যৱাহ শ্ৰী হোছাবলেয়ে এক প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে। শ্ৰী হোছাবলেয়ে নিজ ভাষণত ভাৰতীয় নাগৰিকৰ একতা, সংস্কৃতি আৰু দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
বিশাল হিমালয়ৰ পৰা ভাৰত মহাসাগৰলৈকে বিস্তৃত ভূমিৰ বাসিন্দা সকলৰ পৰিচয় “ভাৰতীয়” বুলি সোঁৱৰাই দি ৰাষ্ট্ৰীয় একতাৰ ভাৱধাৰাক শক্তিশালী কৰাৰ বাবে তেওঁ দৃঢ়তাৰে আহ্বান জনায়।
ভাৰতৰ সংবিধানত সংপৃক্ত গভীৰ সাংস্কৃতিক সাৰাংশৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে, ইয়াৰ চিত্ৰ আৰু লিখনিসমূহে ৰাষ্ট্ৰৰ সমৃদ্ধ ঐতিহ্যক প্ৰতিফলিত কৰে। শ্ৰী হোছাবলেয়ে ভাৰতীয় ইতিহাসৰ মহান ব্যক্তিসকলৰ জীৱনৰ প্ৰসংগ উল্লেখ কৰি মৌলিক কৰ্তব্যৰ ওপৰত গুৰুত্ব দিবলৈ সকলোকে আহ্বান জনায়।
বসুধৈব কুটুম্বকম (বিশ্ব এক পৰিয়াল) নীতিৰ দ্বাৰা অনুপ্ৰাণিত ভাৰতৰ অস্তিত্ব বিশ্বৰ কল্যাণৰ বাবেই মন্তব্য কৰি তেওঁ নাগৰিকসকলক ৰাষ্ট্ৰখনক শক্তিশালী আৰু বিকশিত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, ই কেৱল দায়িত্বই নহয়, প্ৰতিজন ভাৰতীয়ৰ মৌলিক কৰ্তব্যও।
সামৰণিত শ্ৰী হোছাবলেয়ে গণতন্ত্ৰৰ পৱিত্ৰতা বজাই ৰাখিবলৈ, ৰাষ্ট্ৰৰ অখণ্ডতা আৰু একতা ৰক্ষা কৰিবলৈ আৰু এই মূল্যবোধসমূহ পৰবৰ্তী প্ৰজন্মৰ মাজতো থকাটো নিশ্চিত কৰিবলৈ অক্লান্ত প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে এই ৭৬ সংখ্যক গণৰাজ্য দিৱসত সকলোকে প্ৰতিজ্ঞা ল’বলৈ আহ্বান জনায়।
ইয়াৰ লগতে ম্যানমাৰতো ৭৬ সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয়। এম্বেচাদৰ অজয় ঠাকুৰে পতাকা উন্মোচন কৰে।