বিজয়া দশমীৰ দিনাই সংঘটিত হৈছে এক শিহৰণকাৰী দুৰ্ঘটনা। হাৰিয়ানাৰ কৈথল জিলাত সংঘটিত দুৰ্ঘটনাটোত ৮ জন লোকৰ মৃত্যু হয়। মৃত লোকসকলৰ ভিতৰত আছে তিনিটি শিশু।
জানিব পৰা অনুসৰি এটা পৰিয়ালে এখন গাড়ীৰে পূজা আগবঢ়াবলৈ মন্দিৰলৈ গৈ আছিল। সেই সময়তে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা পুখুৰীত পৰি যায়। যাৰ ফলত দীগ গাঁৱত বাস কৰা লোকসকলৰ মৃত্যু হয়।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলত আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান চলায়। দুৰ্ঘটনাত পতিত হোৱা লোকসকলক ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। য’ত চিকিৎসকে সকলোকে মৃত বুলি ঘোষণা কৰে।
আৰক্ষীৰ তথ্য অনুসৰি এই পৰ্যন্ত মাত্ৰ ৭ জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। ১৫ বছৰীয়া কিশোৰীগৰাকীৰ মৃতদেহৰ সন্ধান অব্যাহত আছে।
এই দুৰ্ঘটনাটোত গাড়ীখনৰ চালকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে। চালকজনক চিকিৎসাৰ বাবে কুণ্ডলী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। একেটা পৰিয়ালৰ ৯ জন লোকে এখন গাড়ীত উঠি গুহানা গাঁৱৰ গুৰু ৰবিদাস মন্দিৰত পূজা আগবঢ়াবলৈ আহিছিল।