বুধবাৰে সন্ধিয়া মধ্যপ্ৰদেশৰ জবলপুৰ জিলা সদৰৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ নিলগৰ এখন গাঁৱত সংঘটিত এক পথ দুৰ্ঘটনাত তিনি বছৰীয়া শিশুসহ ৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫ জন লোক গুৰুতৰভাৱে আহত হয়।
জানিব পৰা অনুসৰি তীব্ৰবেগী এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই শ্ৰমিকৰে ভৰ্তি এখন বাহনত বাগৰি পৰাৰ ফলতেই এই কৰুণ ঘটনাটো সংঘটিত হয়।
আৰক্ষীয়ে আহতসকলক ছিহোৰা চিকিৎসালয়লৈ লৈ যায়, তাৰ পৰা গুৰুতৰভাৱে আহত তিনিজনক জবলপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি গোচৰৰ তদন্ত আৰম্ভ কৰিছে।
তথ্য অনুসৰি প্ৰতাপপুৰ গাঁৱত বসবাস কৰা ১৩ জন শ্ৰমিকে কাষৰীয়া খামৰীয়া গাঁৱৰ পৰা সৰিয়হ চপাই অটো গাড়ীৰে নিজ গাঁৱলৈ উভতি আহি থকা সময়তে বিয়লি প্ৰায় ৪.৩০ বজাত এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে সেই স্থানত বৃহৎ সংখ্যক লোক সমবেত হয়। এই তথ্য পোৱাৰ লগে লগে মঞ্জগাৱন, সিহোৰা, খিতাউলা থানাৰ আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ গাঁৱৰ ৰাইজৰ সহযোগত আহতসকলক উলিয়াই আনি চিকিৎসালয়লৈ লৈ যায়।
ইফালে দুৰ্ঘটনাটোৰ পিছতে ক্ষোভিত গাঁওবাসীয়ে ছিহোৰা-কাটনি ঘাইপথ অৱৰোধ কৰে। ক্ষুব্ধ গাঁবাসীয়ে গধুৰ বাহনসমূহৰ তীব্ৰবেগৰ বাবে প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ তোলে।